05 July, 2021
অহা কালিলৈ ইংৰাজী ০৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ইচ্ছুকজনে থলীতে পঞ্জীয়ন কৰি এই টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India