07 July, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ১১৫ জনসংযোগ, গোলাঘাট
*গোলাঘাটত মুকলিকৈ ঘূৰি ফুৰা ক'ভিড ৰোগীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ*
*ভিৰ হ'ব পৰা যিকোনো অঞ্চলত ভ্ৰাম্যমান দলে কৰিব ক'ভিড পৰীক্ষা*
*ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকে পৰীক্ষা নোহোৱালৈকে ঘৰতে আছুটীয়াকৈ থাকিব লাগিব*
গোলাঘাট, ৭ জুলাই : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনত ক'ভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা কণ্টেইনমেণ্ট জ'নৰ নিষেধাজ্ঞাসমূহ কঠোৰভাৱে পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ক'ভিড 19ৰ এখন পৰ্যালোচনা বৈঠকত উপায়ুক্তগৰাকীয়ে এই আহ্বান জনায় । তেওঁ জনসাধাৰণে যাতে ক'ভিডৰ বিধিসমূহ পালন কৰি ৰাজহুৱা স্থানত ভিৰ নকৰে সেইয়া সুনিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে । তেওঁ কয় যে যদি কোনো অঞ্চলত দোকান-পোহাৰত সান্ধ্য আইনৰ সময়ছোৱাত ভিৰ পৰিলক্ষিত হয় তেনেহ'লে সেই অঞ্চলটোত দোকান খোলাৰ অনুমতি দিয়া নহ'ব । পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ভিৰ হ'ব পৰা যিকোনো অঞ্চলত ভ্ৰাম্যমান দলে ক'ভিড পৰীক্ষা কৰিব লাগিব । আনহাতে প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ক'ভিড ধৰা পৰি পলায়ন কৰা লোকৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ তেওঁ আৰক্ষীক নিৰ্দেশ দিয়ে । বাহিৰত ঘূৰি ফুৰা ক'ভিড আক্ৰান্ত লোকৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি উপায়ুক্তগৰাকীয়ে কয় যে লক্ষণ নথকা ৰোগীসকলক গাঁও পঞ্চায়ত পৰ্যায়ৰ অথবা চাহ বাগিচাৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ৰখাটো সুনিশ্চিত কৰিব লাগিব । এইক্ষেত্ৰত চক্ৰ বিষয়াসকলক উন্নয়ন খণ্ড বিষয়াসকলৰ সৈতে লগ হৈ কাম কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে কয় যে ক'ভিডৰ সংক্ৰমণ ধৰা পৰা লোকৰ সংস্পৰ্শলৈ অহা লোকসকলে পৰীক্ষা নকৰালৈকে যাতে অন্য লোকৰ সংস্পৰ্শলৈ নাহে সেইয়া সুনিশ্চিত কৰিব লাগিব । ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ পৰীক্ষাৰ অন্তত ৭ জনতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অঞ্চলটো মাইক্ৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব । উপায়ুক্তগৰাকীয়ে বাগান এলেকা আৰু গ্ৰামঞ্চলত চোকা দৃষ্টি ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
No comments:
Post a Comment
Welcome Northeast News India