19 July, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১২৬
গোলাঘাট, ১৯ জুলাই : গোলাঘাট জিলা প্ৰশাসনে জিলাখনত ক'ভিড 19 মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে অহা ২১ জুলাইত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উজ-জোহা ঘৰতে উদযাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি নামাজ পঢ়াৰ বাবে মছজিদত ধৰ্মীয় মুৰব্বীজনকে ধৰি ৫ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰীযুত কুলদ্বীপ হাজৰিকাই এই সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰিছে । প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাত সকলোকে অংশীদাৰ হ'বলৈ জিলা প্ৰশাসনে পুনৰ আহ্বান জনাইছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India