09 July, 2021
👉শৃংখলাবদ্ধভাৱে ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰতি লখ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাকী থকা ব্যক্তিসকলৰ বাবে কুপনৰ ব্যৱস্থা কৰিছে৷যিসকল ব্যক্তিয়ে ইতিমধ্যে কুপন লাভ কৰিছে তেওঁলোকক কাইলৈ ১০ জুলাইত নিজৰ নিদিষ্ট কেন্দ্ৰত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ'ল৷
👉 আনহাতে কুপন নোপোৱা অৰ্থাৎ প্ৰতিষেধক ল'বলৈ বাকী থকা কোনো লোকক প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত অনাহকত ভিৰ নকৰিবলৈ আৰু ক'ভিড প্ৰট'কল মানি চলিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনাইছে৷ এনে ব্যৱস্থা সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাৱে কৰা হৈছে।
👉পর্যায়ক্ৰমে , সকলো প্ৰতিষেধক ল'বলৈ বাকী থকা ব্যক্তিক, এই প্রক্রিয়াত সামৰি লোৱা হ'ব বুলিও জিলা প্ৰশাসনে জনাইছে।
👉কুপনসমূহ প্ৰশাসনে ঘৰে ঘৰে পর্যায়ক্ৰমে দিয়াৰ ব্যৱস্থা কৰিছে।গতিকে কুপন বিছাৰি কোনো ব্যক্তিকে ঘৰৰ পৰা ওলাই নাহিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।
Directorate of Information and Public Relations, Assam
No comments:
Post a Comment
Welcome Northeast News India