12 July, 2021
জনসংযোগ, যোৰহাট
প্ৰেছ বাৰ্তা নং: ৮৭/২০২১
যোৰহাটত চুলাই মদৰ বিৰুদ্ধে আবকাৰীৰ সহযোগত জিলা আৰু আৰক্ষী প্ৰশাসনৰ বৃহৎ অভিযান
যোৰহাট,জুলাই,১২: যোৰহাটত আজি দুদিনীয়া সম্পূৰ্ণ লকডাউনৰ প্ৰথম দিনটোতে জিলাখনৰ চুকে কোনে থকা চুলাইৰ ঘাটিসমূহ উৎখাত কৰাৰ উদ্দেশ্যে আবকাৰীৰ দল লগত লৈ জিলা আৰু আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ দলে যোৰহাট( সদৰ), গাহৰিচুক,লিচুবাৰী , উজনি জামুগুৰি, উজনি কাঠনিবাৰী( ডি পি এছ স্কুলৰ কাষত), বৰপুল আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত অভিযান চলায়৷
আজিৰ অভিযানকালত বহুকেইটা চুলাই ঘাটি উৎখাত কৰাৰ লগতে ৭টা গোচৰ ৰুজো কৰা হয় আৰু এজন আচামীক মহামান্য আদালতৰ নিৰ্দেশমৰ্মে ইতিমধ্যে জেললৈ প্ৰেৰন কৰা হৈছে৷ মুঠ ২৫ লিটাৰ চুলাই মদ, ১৮৭৫ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ৬ টা মদ বনোৱা যন্ত্ৰ নষ্ট কৰা হয় আৰু ২৭ B. L. বিলাতি সুৰা জব্দ কৰা হয়৷
এই অভিযানকালত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, অনুজ ব্ৰহ্ম, কবিতা কাকতী কোৱঁৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, উপ আৰক্ষী অধীক্ষক খেতেকেশ্বৰ বনীয়া,পশ্চিম ৰাজহ চক্ৰ বিষয়া পল্লব জ্যোতি দাস,হৰেকৃষ্ণ ডেকাকে ধৰি বহুকেইজন সহকাৰী আয়ুক্ত,আবকাৰী পৰিদৰ্শক ইমতিয়াজ আলি সহ আবকাৰী দলৰ লগতে আৰক্ষী আৰু চি আৰ পি এফৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায়৷
স্বা:
জিলা তথ্য আৰু জনসংযোগ বিষয়া, যোৰহাট
No comments:
Post a Comment
Welcome Northeast News India