Wednesday, 28 July 2021

*গোলাঘাটত জিলা কেঁচা চাহপাত মূল্য নিৰীক্ষণ সমিতিৰ বৈঠকত কেঁচা পাতৰ ন্যূনতম মূল্য নিৰ্ধাৰণ*

28 July, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১২৯

*গোলাঘাটত জিলা কেঁচা চাহপাত মূল্য নিৰীক্ষণ সমিতিৰ বৈঠকত কেঁচা পাতৰ ন্যূনতম মূল্য নিৰ্ধাৰণ*
গোলাঘাট,  ২৭ জুলাই : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অলপতে জিলা কেঁচা চাহপাত মূল্য নিৰীক্ষণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত তথা জিলা কেঁচা চাহপাত মূল্য নিৰীক্ষণ সমিতিৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা আৰু সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি জিলাখনত অহা ১ আগষ্টলৈকে ৪০ শতাংশ মানযুক্ত 'ফাইন লিফ' অৰ্থাৎ কেঁচা পাতহে কাৰখানাসমূহে গ্ৰহণ কৰিব আৰু প্ৰতি কিলোগ্ৰাম কেঁচা পাতৰ মূল্য ন্যূনতম ২০ টকা ধাৰ্য্য কৰা হ'ব ।  আনহাতে অহা ২ আগষ্টৰ পৰা কাৰখানাসমূহে ৫০ শতাংশতকৈ তলৰ মানযুক্ত 'ফাইন লিফ' অৰ্থাৎ কেঁচা পাত গ্ৰহণ কৰিব নোৱাৰিব । এনে পাত প্ৰতি  কিলোগ্ৰামৰ মূল্য ২৩ টকা ধার্য কৰা হ'ব । লগতে জিলাখনত কেঁচা চাহপাতৰ মান নিম্নগামী হোৱালৈ লক্ষ্য ৰাখি নিশা ৮ বজাৰ পাছত কাৰখানালৈ কেঁচা পাত কঢ়িওৱাটো বন্ধ কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় । বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কেঁচা পাতৰ মূল্য কাৰখানাসমূহে সঘনাই সলনি কৰিব নোৱাৰিব । এবাৰ নিৰ্ধাৰণ কৰা মূল্য অন্ততঃ এসপ্তাহৰ বাবে বাহাল থাকিব । এবাৰ বৰ্জন কৰা কেঁচা পাত কোনো কাৰখানাই গ্ৰহণ কৰিব নোৱাৰিব । বৈঠকত সিদ্ধান্ত লোৱা হয় যে ন্যূনতম মূল্যত নিম্নমানৰ কেঁচাপাত কোনো কাৰখানাই গ্ৰহণ কৰিব নোৱাৰিব । ইফালে কেঁচাপাত যোগানকাৰীসকলে যাতে বাধাহীনভাৱে নিজৰ কাম-কাজ চলাই নিব পাৰে তাৰ বাবে জিলা পৰিবহন বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনামৰ্মে জিলা প্ৰশাসনৰ তৰফৰ পৰা আপত্তিবিহীনতাৰ প্ৰমানপত্ৰ প্ৰদানৰ ব্যৱস্থা পুনৰ কাৰ্যকৰী কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয় । লগতে প্ৰয়োজন অনুসৰি কেঁচাপাতৰ মান আৰু মূল্য নিৰীক্ষণ কৰাৰ বাবে জুলাই মাহৰ পৰৱৰ্তী দিনকেইটা তথা অহা আগষ্ট মাহত ভ্ৰাম্যমান নিৰীক্ষণ দল পুনৰ কাৰ্যক্ষম হ'ব । জিলা প্ৰশাসন, চাহ ব'ৰ্ড, বি এল এফ (Bought Leaf Factory) সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিক লৈ এই সমিতিখন গঠন কৰা হ'ব ।বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে চাহ ব'ৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিজ্ঞানসন্মত ভাৱে কৰা চাহ খেতি সন্দৰ্ভত নিয়মীয়াকৈ সজাগতা অনুষ্ঠান, কৰ্মশালা আদি অনুষ্ঠিত কৰিব । ইয়াৰোপৰি কেৱল হাতেৰে চিঙা কেঁচাপাতহে কাৰখানাসমূহত গ্ৰহণ কৰা হ'ব । কেঁচা পাতৰ মান অক্ষুন্ন ৰখাৰ বাবে কাঁচি অথবা কটাৰীৰে কটা পাত গ্ৰহণ কৰা নহয় । বৈঠকত জিলা উপায়ুক্ত তথা জিলা কেঁচা চাহপাত মূল্য নিৰীক্ষণ সমিতিৰ অধ্যক্ষগৰাকীয়ে কয় যে কেঁচাপাতৰ মূল্যক লৈ প্ৰতি বছৰে এটা সংকটৰ সৃষ্টি হয় যদিও এইবাৰ এই সমস্যা কিছু গুৰুতৰ হোৱা পৰিলক্ষিত হৈছে । তেওঁ এই সমস্যাৰ এটা কাৰ্যকৰী সমাধানসূত্ৰ উলিওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । সভাত অংশ লৈ সমিতিৰ আন বিষয়ববীয়াসকলে কেঁচা পাত কঢ়িওৱা বাহনৰ ওপৰত অধিক লোক আৰু অধিক বোজা কঢ়িওৱাৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । আনহাতে যোৱা কেইটামান বছৰত কেঁচা পাতৰ মান নিম্নগামী হোৱা বিষয়টোও সভাত আলোচনা কৰা হয় । বৈঠকত সকলোৱে মত প্ৰকাশ কৰে যে সমগ্ৰ বিশ্বতে অসমৰ চাহৰ মান সৰ্বজনবিদিত । উৎপাদন ব্যয় বাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত এই উদ্যোগটোলৈ সমস্যা নামি আহিছে । এনেস্থলত চাহপাতৰ মান নিম্নগামী হ'লে চাহিদা হ্ৰাস পাবলৈ ধৰিব । চি টি চি চাহৰ ৰপ্তানি হ্ৰাস পোৱাৰ সমান্তৰালভাৱে উৎপাদন বৃদ্ধি তথা চাহিদা হ্ৰাস পোৱাটো কেঁচা পাতৰ মূল্য বৃদ্ধিৰ অন্যতম কাৰণ বুলি সকলোৱে মত প্ৰকাশ কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, চাহ ব'ৰ্ডৰ চাহ উন্নয়নৰ সহযোগী সঞ্চালক তথা সমিতিৰ সদস্য সচিব শ্ৰীযুত এছ ৰাজবংশী, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, অসমৰ সাধাৰণ সম্পাদক শ্ৰীযুত ডি ফুকন, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শ্ৰীযুত ৰাজীৱ গোহাঁই, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, অসমৰ শ্ৰীযুত ৰঞ্জিত শইকীয়া, উত্তৰ-পূব চাহ সন্থাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত নেপুল শইকীয়াৰ লগতে ক্ষুদ্ৰ চাহ সন্থাৰ গোলাঘাট জিলাৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...