27 July, 2021
এখন সুলভ মূল্য দোকান ৷ সমবায়ৰ কোনো সামগ্ৰী নাই দোকানখনত কিয় খালিহৈ আছে দোকানখন চাও আহক
গোলাঘাট সমবায় সমিতিৰ অন্তৰ্গত জানপাৰাৰ গজেন দাসৰ সুলভ মূল্যৰ দোকানত মাত্ৰ ২০০ গ্ৰাম চাউল গ্ৰাহকক কমকৈ দিববলগা হোৱাৰ বাবেই যোগান বিভাগে দোকানখন চিল কৰাৰ লগতে অতি ৰহস্যজনকভাৱে ছয় মাহৰ পিছত এটা গোচৰ পঞ্জীয়ন কৰিলে ৷
প্ৰথমে চাওক এই দৃশ্য সমবায় সমিতিৰ পৰা সুলভমূল্যৰ দোকানলৈ অনা চাউলৰ বস্তাত ৫০ কিলোগ্ৰামকৈ থাকিবলাগে যদিও কোনোটো বস্তাত ৩৫ কিলোগ্ৰা পয্যন্ত থাকে ৷ আৰু ইয়াৰ বাবে বিপদত পৰিছে এজন দোকানী ৷
ভূক্তভোগী দোকানী গজেন দাসে অভিযোগ কৰামতে তিনিমাহ ধৰি কমিচনৰ ধন নোপোৱাৰ পিছতো তেওঁ ১৭১ গৰাকী হিতাধিকাৰীলৈ সেৱা আগবঢ়াই আছিল ৷ বিগত জানুৱাৰীমাহত সমবায়ৰ পৰাঅহা চাউলৰ পৰিমান কমহোৱাত গ্ৰাহকৰ সন্মতিৰ সাপেক্ষে তেওঁ ২০০ গ্ৰামকৈ চাউল কমকৈ দিবলগা হ’ল ৷ ইয়াৰ পিছতে এমাহৰ পিছত কেইজনমান গ্ৰাহকে যোগান বিভাগক অভিযোগ দিয়াৰ পিছত বিষয়া আহি দোকানখন চীল কৰিদিয়ে ৷ ইয়াৰ পিছতে হিতাধিকাৰী সকলে সভা অনুষ্ঠিত কৰি দোকানীজনৰ গাত দোষনাইবুলি প্ৰস্তাৱ লৈ যোগান বিভাগক দৰ্খাস্ত দিলে ৷ দাসেও বিভাগৰ কায্যালয়লৈ তাতঁবাতি কৰিলে ৷ যোগান বিভাগৰ বিষয়াই দাসক দাবী ধমকীদি অভিযোগৰ ৬ মাহৰ পিছত হে
গোচৰএটা পঞ্জীয়ন কৰিলে ৷ উল্লেখ্যযে সমবায়ৰ পৰা অনা চাউলৰ প্ৰতিটো বস্তাত ৫০ কিল’গ্ৰামকৈ থাকে যদিও শ্ৰমিকে গাড়ীত উঠোৱাৰ সময়ত চাউল পৰিযোৱা ; নিগনীয়ে খোৱা আদি কাৰণত
কমহোৱা চাউল মিলাবলগা হোৱাত বিতৰণত কিছূ বিসঙ্গতি থাকে ৷ গজেন দাসে ৰাইজৰ সন্মুখত চাউলৰ বস্তা ওজন কৰি মাত্ৰ ২০০ গ্ৰামকৈ চাউল কমকৈ দিয়াৰ পিছতে দোকানখন চিল কৰি ছয় মাহৰ পিছত গোচৰ পঞ্জীয়ন কৰা বিষয়টোতও সৰহসংখ্যক হিতাধিকাৰীয়ে ৰহস্যৰ গোন্ধ পাইছে ৷ আৰু এক উচ্চ পয্যায়ৰ তদন্তৰ আহ্বান জনাইছে ৷ ::: কল্পনা ফুকন গোলাঘাট NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India