Saturday, 17 July 2021

গোলাঘাটত জ্বলিল বৰবিষ ড্ৰাগছৰ আৰু মাদক দ্ৰব্যৰ মেজি

 17 July, 2021


GOLAGHAT CM 

গোলাঘাটত জ্বলিল বৰবিষ ড্ৰাগছৰ আৰু মাদক দ্ৰব্যৰ মেজি



গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰক্ষী দ্বাৰা  জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ আৰু ক'ভিড-19 ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সাহাৰ্য প্ৰদান ।শনিবাৰে গোলাঘাটৰ বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত প্ৰায় বিশকোটি টকাৰ মূল্যৰ জব্দকৃত ড্ৰাগছত মুখ্যমন্ত্ৰী নিজ হাতেৰে  অগ্নি সংযোগ কৰি  বিনষ্ট কৰে নৱপ্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলিদিয়া ড্ৰাগছ সমূহ  । একেটা অনুষ্ঠানতে গোলাঘাট জিলাত ক'ভিড-19  স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিধৱা মহিলা সকলক আঢ়ৈ লাখ টকাৰ চেকো প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ড্ৰাগছৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম চৰকাৰ । অসম আৰক্ষীক  ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অসমত বিগত দুই মাহত ১৬৮.৩৮ কোটি ড্ৰাগছ জব্দ কৰে অসম আৰক্ষীয়ে । এই সন্দৰ্ভত অসম আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত  ,মন্ত্ৰী অজন্তা নেওগ , অতুল বৰা, যোগেন মোহন , কেশৱ মহন্ত , অশোক সিংঘল  বিধায়ক ভৱেন ভৰালী, প্ৰশান্ত ফূকন , বিশ্বজিৎ ফূকন,জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা কে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া  ৷

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...