Saturday, 3 July 2021

ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ৫টা এলেকাক আজি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

03 July, 2021

ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ৫টা এলেকাক আজি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলকেইটা হৈছে  পানবাৰী লাইন, শিলজুৰি ৩ নং লাইন আৰু হাতীখুলি ৬নং লাইন । আনহাতে প্ৰশাসনে মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুৰফুলনি বাগান গাঁৱক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । একেদৰে দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ এনাইঘৰীয়া গাঁৱৰ বামুনগাঁও চুক এলেকাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...