18 Jun, 2021
অহা কালিলৈ ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ Health Care Workers, Front Line Workers, টেক্সী চালক, ৰিক্সা চালক, ঠেলাচালক, Delivery Boys, ফল-মূলৰ ব্যৱসায়ী, ফেৰীৱালা, মাংস ব্যৱসায়ী আৰু মুছিৱালা সকলেও উল্লেখ কৰা নিৰ্দিষ্ট কেন্দ্ৰত প্ৰথম পালি ক'ভিড ১৯ৰ টীকা গ্ৰহণ কৰিব পাৰিব । এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । কেৱল নাহৰণী প্ৰাৰ্থমিক চিকিৎসা কেন্দ্ৰতহে ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covaxin) ৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India