18 Jun, 2021
অহা কালিলৈ ১৯ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷
যোৱা ৮ মে, ২০২১ তাৰিখে যি সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে গৈ নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে৷
নিজৰ পৰিচয় পত্ৰৰ লগতে ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷
পৰ্যায়ক্ৰমে প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ গতিকে ৮ মে'ৰ পিছত লোৱা সকলৰ বাবেও এনেদৰেই ব্যৱস্হা কৰা হ'ব৷
Directorate of Information and Public Relations, Assam
No comments:
Post a Comment
Welcome Northeast News India