Thursday, 3 June 2021

গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷

 03 Jun, 2021


গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷


ঠিক তেনেদৰে জব্দকৃত শিল বালিৰ গাড়ীও ৰাখিবলৈ ঠাই নোহোৱাত একপ্ৰকাৰৰ আৰ্বজ্জনা হৈ পৰিছে ৷ বহু

বছৰৰ পৰা এনে কাঠ ; শিল-বালি ৰ গাড়ী পেলাই থোৱাত চৰকাৰৰ সম্পদ ধৱংস হোৱাৰ লগতে ৰাজহও সংগ্ৰহ হোৱা নাই ৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সেহতীয়াকৈ এই সমূহ অকচনত বিক্ৰী কৰাৰ নিৰ্দেশ দিছে যদিও পচিযোৱা কাঠবোৰ কিনিবলৈ কোনো পক্ষই ইচ্ছা নকৰে ৷ আনহাতে এইবাৰ ক’ভীড-১৯ত মৃত্যুহোৱা ৰোগীৰ সৎকাৰৰ বাবে খৰিৰ নাটনি হোৱাৰ বাবে এই সমূহকাঠ  মৃতসকলৰ সৎকাৰৰ বাবে ব্যবহাৰ কৰিলে গছকটা কমাৰ লগতে এই পচাকাঠ সমূহ সঠিক কামত লাগিববুলি সচেতন মহলে মন্তব্য কৰিছে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

মানুহক মানুহ হিচাপে চাওক

জীয়াই থাকোঁতেই মানুহক মানুহ হিচাপে চাওক এজন মানুহ জীয়াই থাকে— নীৰৱে হাঁহে, নীৰৱে কান্দে। বুকুৰ ভিতৰত কিমান যে ধুমুহা বৈ থাকে, কিমান যে অপূ...