Saturday, 8 May 2021

এটা অতি প্ৰাচীন বাংলা ৷

 08 May, 2021


এটা অতি প্ৰাচীন বাংলা ৷


ঐতিহাসিক এই বাংলাটোৰ নিৰ্মাণৰ কাম  ১৯১৬ ৰ পৰা আৰম্ভ কৰি ১৯২০সম্পূৰ্ণ কৰা

 হৈছিল  ৷ অহা২৮ ডিছেম্বৰত এই ঘৰটো     আয়ুসকাল এশ বছৰ পূৰ্ণ হব ৷  ৯০ বছৰীয়া ককা অপূৰ্ব কুমাৰ বৰুৱাই সজীব কৰি ৰাখিছে দেউতাকৰ এই আপুৰুগীয়া স্মৃতি ৷সেই সময়ৰ জননেতা তথা জনপ্ৰীয় উকীল মহেশ্বৰ বৰুৱাই ৰেংগুইন হাইক’টত উকালতি কৰি আছিল ৷এটা গোচৰত চীনা  মিস্ত্ৰি লিং

 লিয়ঙৰ জামিন লৈছিল তেও ৷ সেই সময়ৰ নিয়ম আছিল যে যিজনে অভিযুক্তৰ জামিন লয় তেওঁ অভিয়ুক্তক লগত ৰাখিব লাগে ৷ মহেস্বৰ বৰুৱাইও লিং লিয়ঙক লগতে ৰাখি গোলাঘাটলৈ আনিলে আৰু ইটা তৈয়াৰত পাৰ্গত ৰ’লা সিংৰ লগলাগি লিং লিয়ঙে গোলাঘাটৰ পুৰণা আমোলাপট্টিত মহেস্বৰ বৰুৱাৰ ঘৰটো নিৰ্মাণ আৰম্ভণি কৰিলে ৷ অতি প্ৰখৰ তাপ হোৱাৰ বাবে নামবৰ হাবিৰ পৰা ঔটেঙাগছৰ কাঠ আনি ঘৰৰ কাষতে মাতিৰে

 ইটা সাজি পুৰি ইটা তৈয়াৰ কৰিলে ৷ ঘৰটো এতিয়া ১০০ বছৰীয়া হ’ল ৷ কাষতে মাটিকাতি সৃষ্টি হোৱা পুখুৰীত এতিয়াও মীন পালন কৰা হয় ৷ এই ঘৰতো আন এটা

 ইতিহাসো আছে ৷ ১৯২১ চনৰ ২৬ ডিচেম্বত মহাত্মা গান্ধী ৰেলযোগে গোলাঘাটলৈ আহি ওৱাটিং ৰেল ষ্টেশ্যনত নামে ৷ তেওক সংগ দিয়ে দেশভক্ত তৰুণৰাম ফুকন ; নবীন বৰদলৈ ; কুলধৰ চলিহা ; মহাদেৱ শৰ্মা ; কৃষ্ণ শৰ্মা আৰু তৈবুল্লাই ৷ ওৱাটিং চাহবাগিছাৰ মেনেজাৰ ফনী শৰ্মাৰ গাড়ীৰে গোলাঘাটলৈ আহি গান্ধী সহিতে দলটোৱে উকীল মহেশ্বৰ শৰ্মাৰ এই বাসস্থানতেই জিৰণি লয় ৷ ইফালে সেই সময়ত বৰ্তমানৰ কাৰ্বি আংলং জিলাখন মিকিৰ পাহাৰ  হিচাপে

 জনাজাত আছিল ৷ নগালেণ্ড খন নগাপাহাৰ হিচাপে জনাজাত ৷ এই দুই পাৰ্বত্য এলেকা গোলাঘাট জিলাত অন্তভূক্ত আছিল ৷ মহাত্মা গান্ধীয়ে এডভোকেট জননেতা মহেশ্বৰ বৰুৱাক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱায় ৷ মহাত্মা ৰেলযোগে গোলাঘাটলৈ আহোতে বৰ্তমানৰ ডিমাপুৰ আৰু সেয় সময়ৰ মণিপুৰ ৰেল ষ্টেশ্যনত নগা ৰাণী গাহডালো আৰু তেওৰ দদায়েক আৰু দেউতাককে ধৰি এটা সজাতি দলে আদৰণী জনায় ৷ আৰু তেওৰ লগতে আহে ৷ গোলাঘাটৰ হৰিজন ক’লনিত গান্ধীয়ে অনুষ্ঠিত কৰা সভাত নগা সজাতিদলে গান্ধীক তিনিখন গজাল বিহীন টেবুল উপহাৰ দিছিল ৷ তাৰে এখন গান্ধীয়ে মহেশ্বৰ বৰুৱাক উপহাৰ দিয়াৰ লগতে সেই টেবুলতে বহি তেও সভা অনুষ্ঠিত কৰিছিল ৷ এতিয়াও এই গজাল বিহীন টেবুলখন এই এশবছৰীয়া ঘৰটোত মহেশ্বৰবৰুৱাৰ সুযোগ্য সন্তান     ৯০ বছৰ বয়সীয়া বিশিষ্ট সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱাই সযত্নেৰে সংৰক্ষণ কৰি ৰাখিছ ৷


Bite : অপূৰ্ব কুমাৰ বৰুৱা 


কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...