Wednesday, 5 May 2021

ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

05 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৯/২০২১

ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

গোলাঘাট, ৫ মে' : ক’ভিড -19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাক্ প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং ইনষ্টিটিউচন কাইলৈৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে । গোলাঘাট জিলাতো জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘোষণা কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ।ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...