Wednesday, 12 May 2021

গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা

12 May, 2021

BREAKING NEWS

প্ৰেছ বিজ্ঞপ্তি নং : ৭১/২০২১

গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক  কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা

গোলাঘাট, ১২ মে' : ক’ভিড -19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত আজি দুটা কন্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । জিলাখনৰ খুমটাই ৰাজহ চক্ৰৰ অধীনৰ বৰফলং চাহ বাগিচা এলেকাক কন্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ তলদাঙা লাইন আৰু মাজ লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । তলদাঙা লাইনৰ উত্তৰে বৰফলং এল পি স্কুল আৰু দুৰ্গা মন্দিৰ, দক্ষিণে মেলামৰা গাঁও, পূবে ফুটবল ফিল্ড আৰু পশ্চিমে চাহ বাগিচা অঞ্চলক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে মাজ লাইনৰ উত্তৰে পুৰণা লাইন আৰু কালী থান, দক্ষিণে শিৱ মন্দিৰ, পূবে গড়কাপ্তানী পথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ'ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে জিলাখনৰ ধনশিৰি মহকুমাৰ অধীনৰ পূব সৰুপথাৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ গাঁৱকো কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । উত্তৰে ধাননী পথাৰ, দক্ষিণে ধৰ্মপুৰ গ্ৰাম্য পথৰ শেষলৈকে, পূবে ধৰ্মপুৰ -নাচনপাৰা পথ আৰু পশ্চিমে ধৰ্মপুৰ গাঁও তিনিআলিক কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ'নৰ সংখ্যা ৫টালৈ বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, বোকাখাতৰ বৰচাপৰি বাগিচা গাঁও আৰু খুমটাইৰ শাওতলী চাহ বাগিচা এলেকাক কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...