Friday, 23 April 2021

গোলাঘাটত আজি ৭৮ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি

23 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৯/২০২১

গোলাঘাটত আজি ৭৮ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি
গোলাঘাট, ২৩ এপ্ৰিল : গোলাঘাট জিলাত আজি নতুনকৈ ৭৮জন লোকৰ দেহত ক'ভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে । ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি পাইছে । ইয়াৰে ২০৭জন ঘৰতে আছুটীয়াকৈ থকাৰ বিপৰীতে ৬২জন লোক গোলাঘাট ক'ভিড চিকিৎসালয়, ৩জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল, এজন বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে । আজি ২,০৯৬জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৩জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । ৰেপিড টেষ্টত ৬৫জন আৰু আৰ টি পি চি আৰত ১৩জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে । উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা আজিলৈকে ২৮,১৬৮ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে । এই সময়ছোৱাত জিলাখনত ৩৩৫ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । অৱশ্যে বৰ্তমান ইয়াৰে ২৭৪ জনহে সক্ৰিয় ক'ভিড ৰোগী । জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক'ভিডত মৃত্যু হৈছে । আজি চিনাক্ত হোৱাসকলৰ ভিতৰত কে বি আলিত ৭জন, বোকাখাতত ১১জন, সৰুপথাৰত ৩৫জন, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ১৮জন, মিছামৰাত ৩জন আৰু চাৰিঙিয়াত চাৰিজন ৰোগী চিনাক্ত কৰা হয় । আজি ঘৰতে আছুটীয়াকৈ থকা ছজন লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ৩জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া  হয় । গোলাঘাট জিলাত ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...