27 March, 2021
গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহন
বিয়লি ৫ বজালৈকে গোলাঘাটত ৭৫.১৩ শতাংশ আৰু খুমটাইত ৭৫.২১শতাংশ ভোটদান
২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিং
গোলাঘাট, ২৭ মার্চ : ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ সম্পন্ন হৈছে । বিয়লি ৫ বজালৈকে গোলাঘাট সমষ্টিত ৭৫.১৩ শতাংশ আৰু খুমটাই সমষ্টিত ৭৫.২১শতাংশ ভোটদান হৈছে । পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহনৰ ৬ বজাত সামৰণি পৰিব । সমষ্টি দুটাৰ অধীনৰ মুঠ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন কৰা হৈছে । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে কোৱিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহন কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে । গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । কেন্দ্ৰসমূহত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ বাবে বিশেষ সা-সুবিধা, শিশুৰ ওমলা ঘৰ, প্ৰদৰ্শনী, চেল্ফি জ'ন, নিয়ন্ত্ৰণ কক্ষ, চিকিৎসা ব্যৱস্থা আদি সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় ।
ভোটদাতাসকলে বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰত কোৱিড-19ৰ নীতি-নিৰ্দেশনা মানি দীঘলীয়া শাৰী পাতি ভোট দিয়া পৰিলক্ষিত হয় । প্ৰতিগৰাকী ভোটদাতাক মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদি প্ৰদান কৰাৰ লগতে ভোটগ্ৰহনৰ পূৰ্বে সকলোৰে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হয় ।
ইফালে সমষ্টি দুটাৰ অধীনৰ সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয় । নিৰ্বাচন জিলাখনৰ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় । কোনো ভোটগ্ৰহন কেন্দ্ৰতে এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি অহা নাই ।
উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা । সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India