04 January, 2021
অসম আগৰ উড এ’ৰমা এফ পি চি উদ্যোগৰ উদ্যোধন
অসম আগৰ উড এ’ৰমা উদ্যোগৰ আজি এক প্ৰশিক্ষণ শিৱিৰ শুভ উদ্যোদ্ধন কৰা হয় ৷
গোলাঘাট খুমটাই সমষ্টিৰ আধাৰসত্ৰ বহুমুখী প্ৰকল্প এই প্ৰশিক্ষণ শিবিৰটো শুভ উদ্যোদ্ধন কৰে খুমটৰইৰ বিধায়ক মৃণাল শইকীয়াই । গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ সহযোগত এই এমহীয়া কৰ্মশালা আৰম্ভ হয়। আজিৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা উদ্ধোধনী অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী ; ভূমী সংৰক্ষণ বিভাগৰ প্ৰাধীকাৰী নিৰঞ্জন শইকীয়া ; বন বিভাগ; কৃষিবিভাগ ; উদ্যোগ বিভাগ আদিৰ প্ৰতিনিধি উপস্থিত থাকে এমাহজোৰা এই কৰ্মশালাত প্ৰথম দিনাই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ যথেষ্ঠ সংখ্যক যুৱকে অংশগ্ৰহণ কৰে । এই কায্যসূচীত উদ্যোগও বানিজ্য বিভাগৰ প্ৰধান পৰিচালক ৰাজকুমাৰ বৰি য়ে জানিবলৈ
দিয়ে যে প্ৰশিক্ষিত লোক সকলক 'প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত ৰাজ সাহায্য যুক্ত পাঁচ লাখৰো অধীক বেংক ঋণ প্ৰদান কৰিব ৷ এই প্ৰশিক্ষনৰ সময়চোৱাত শাচি গছৰ পুলি ৰূপণৰ পৰা আৰম্ভকৰি কৃত্ৰিম আকৰ সংৰোপণ ; সুগন্ধি আতৰ আৰু কাঠ আহৰণে ধৰি আন্তৰাষ্ট্ৰীয় বজাৰ বিষয়েও নিবনুৱা সকলক প্ৰশিক্ষিত কৰাৰ লগতে এফ পি চি আৰু উদ্যোগ ও বাণিজ্য কেন্দ্ৰৰ দ্বাৰা প্ৰমাণ পত্ৰ দিয়া হৱ বুলি ৷ এৰ’মাৰ সভাপতি দেৱজিৎ গগৈ আৰু সম্পাদক পাৰ্থজিৎ শকীয়াই জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা
প্ৰকাশ শৰ্মা গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India