31 December, 2020
Numaligarh 31 Dec
2020 চনৰ শেষৰ দিনটোতো আতংক গোলাঘাটৰ নুমলীগড়ৰ দুখনকৈ গাঁৱত । নাই নৱবৰ্ষৰ আনন্দ উচাহ । কাৰণ বন্যহস্তীৰ আতংকৰ লগতে সন্ত্ৰাস । বহু কেইটা বাসগৃহ টচনচ কৰিলে বণ্যহস্তী জাকে ।
নুমলীগড়ৰ দুখন গাঁৱত বিগত দুটা দিনৰ ভিতৰত কুৰিৰো অধিক বাসগৃহ ধ্বংস কৰে বৃহৎ হাতীৰ জাকে । নিশা হলেই এতিয়া আতংকৰ সৃষ্টি হয় গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত ।পথাৰৰ ধান ভড়াললৈ নিয়াৰ পিচত দিনৰ ভাগতো গাৱৰ পথেৰে বাৰীৰ মাজেৰেই বাট লৈছে হাতীয়ে । দিশহাৰা হৈছে গঞা ।
নুমলীগড়ৰ এক নং ৰংবং আৰু চাৰি নং ৰংবং অঞ্চলত বিগত দুটা দিনত বণ্যহস্তী জাকে বহু বাসগৃহ ধ্বংস কৰে । বন্যহস্তীৰ 70/80 জনীয়া জাকটোৱে ভাঙি তচ নচ কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ । হাতীৰ বাবেই এতিয়া নতুন বছৰক আদৰাৰ আনন্দ নোহোৱা হৈছে ৰাইজৰ মাজত৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India