12 December, 2020
শনিবাৰে উখল মাখল হল গোলাঘাট চহৰ ৷ আৱতৰীয়া বিহু ঝুমুৰ মিচিংঐ নৃত্যমে উতলা কৰিলে ৰাইজৰ মন ৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰচাঁয়াত গঠনহোৱা ৰাইজৰ দলৰ প্ৰথমখন জিলা অভিবত্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভহোৱা এই অভিবৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা ; চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা ; অভিনেত্ৰী জেৰিফা ৱাহিদ ; কৃষকমুক্তিৰ নেতা ভাস্কোডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰে ৷ কা আন্দোলনৰ ছহিদক স্মৃতি তৰ্পনেৰে
গোলাঘাটৰ এমেচাৰ হ’লত অনুষ্ঠিত হোৱা এই অভিবৰ্তনে গোলাঘাটৰ পাচোটা বিধানসভা সমষ্টিৰ অন্যান্য ৰাজনিতী দলৰ মাজত খলকনি সৃষ্টি কৰিছে
ইফালে অভিৱৰ্তনৰ এজন উদোক্তা ভাস্কোডি শইকীয়াই কয়যে -- চৰকাৰে অখিলগগৈক সুদীঘ্য দিনধৰি কাৰাগাৰত বন্ধ কৰি থোৱা বিষয়টো ৰাইজৰ দলে অহা নিৰ্বাচনত মূল ইচ্ছু কৰি ৰাইজৰ মাজলৈ নিব ৷ :::::::::: অসম গণপৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি তেওঁ মন্তব্যকৰি কয়যে কংগ্ৰেছ আৰু এইউ আইডি এফক বাদ দি সকলো আঞ্চলিকবাদী ভাৱধাৰাৰ সংগঠনৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব ৷
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India