Friday, 6 November 2020

05 November, 2020 গোলাঘাট বেঙেনাখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ব্যাপক কেলেঙ্কাৰী। কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনা খোৱা গাওঁ পঞ্চায়ত খনত যোৱা কেইমাহ মানৰ আগত জৱ কাৰ্ডৰ নামত দুৰ্নীতি কৰাৰ বাবে ২৪ জন পঞ্চায়ত প্ৰতিনিধি বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰে দুজন জেল হাজোতলৈ গ'ল আৰু ৭ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পালে। আৰু বাকীসকল এতিয়াও পলাতক অৱস্হাত আছে। এই একেইখিনি দুৰ্নীতিকাৰী জনপ্ৰতিনিধি আৰু পদুমনি খণ্ডৰ উন্নয়ন বিষয়া আব্দুল ৰচিদ ৰ নেতৃত্বত গোলাঘাট ৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগক ভালৰি লগাবলৈ অৰুণোদয় আঁচনি খন কংগ্ৰেছীকৰণ কৰিবলৈ ল'লে। উক্ত পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেঙ্কাৰী সৃষ্টি হোৱা বুলি স্হানীয় লোকৰ পৰা জানিব পৰা গৈছে। পঞ্চায়তৰ অধীনস্থ বহু দৰিদ্ৰ পৰিয়ালৰ লোক এই আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। উল্লেখ্য যে,, এই পঞ্চায়তৰ অধীনস্থ বহু আৰ্থিক ভাৱে সবল লোকৰ নাম এই আচঁনিৰ প্ৰাপ্য তালিকাত আহিছে আৰু যিসকল আৰ্থিক ভাৱে দুৰ্বল তেওঁলোকৰ নাম বঞ্চিত হৈছে বুলি কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰি ক'লে ভোক্তভোগী পৰিয়ালে। তেওঁলোকে এই সন্দৰ্ভত পঞ্চায়তৰ প্ৰতিনিধি পৰা জানিব চেষ্টা কৰিলেই তেওঁলোকক দু্ব্যৱহাৰ কৰি এই বিষয়ৰ পৰা গা এৰা চেষ্টা কৰে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভোক্তভোগী পৰিয়ালৰ সদস্য ই এনেদৰে কয়______ এতিয়া প্ৰশ্ন হ'ল,, উন্নয়ন ৰ নামত চৰকাৰে যি আইন প্ৰৱৰ্তন কৰিছে সেইয়া উচিত পৰিমানে ব্যৱহৃত হৈছেনে ?? নে যি সকল এই আচঁনিৰ প্ৰাপ্য সেইসকলক ইয়াৰ পৰা বঞ্চিত কৰি জনপ্ৰতিনিধিৰ ময়মতালীৰ স্বৰূপ উদঙাই দিয়া হৈছে??? এই সন্দৰ্ভত সমাজকৰ্মী প্ৰকাশ বৰাই এইদৰে কয়---- গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 05 November, 2020


গোলাঘাট বেঙেনাখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ব্যাপক কেলেঙ্কাৰী।


কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনা খোৱা গাওঁ পঞ্চায়ত খনত যোৱা কেইমাহ মানৰ আগত জৱ কাৰ্ডৰ নামত দুৰ্নীতি কৰাৰ বাবে ২৪ জন পঞ্চায়ত প্ৰতিনিধি বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰে দুজন জেল হাজোতলৈ গ'ল আৰু ৭ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পালে। আৰু বাকীসকল এতিয়াও পলাতক অৱস্হাত আছে। এই একেইখিনি দুৰ্নীতিকাৰী  জনপ্ৰতিনিধি আৰু পদুমনি খণ্ডৰ উন্নয়ন বিষয়া আব্দুল ৰচিদ ৰ নেতৃত্বত  গোলাঘাট ৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগক ভালৰি লগাবলৈ অৰুণোদয় আঁচনি খন কংগ্ৰেছীকৰণ কৰিবলৈ ল'লে।

উক্ত পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেঙ্কাৰী সৃষ্টি হোৱা বুলি স্হানীয় লোকৰ পৰা জানিব পৰা গৈছে। পঞ্চায়তৰ অধীনস্থ বহু দৰিদ্ৰ পৰিয়ালৰ লোক এই আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। উল্লেখ্য যে,, এই পঞ্চায়তৰ অধীনস্থ বহু আৰ্থিক ভাৱে সবল লোকৰ নাম এই আচঁনিৰ প্ৰাপ্য তালিকাত আহিছে আৰু যিসকল আৰ্থিক ভাৱে দুৰ্বল তেওঁলোকৰ নাম বঞ্চিত হৈছে বুলি কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰি ক'লে ভোক্তভোগী পৰিয়ালে। তেওঁলোকে এই সন্দৰ্ভত পঞ্চায়তৰ প্ৰতিনিধি পৰা জানিব চেষ্টা কৰিলেই তেওঁলোকক দু্ব্যৱহাৰ কৰি এই বিষয়ৰ পৰা গা এৰা চেষ্টা কৰে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভোক্তভোগী পৰিয়ালৰ সদস্য ই এনেদৰে কয়______


এতিয়া প্ৰশ্ন হ'ল,, উন্নয়ন ৰ নামত চৰকাৰে যি আইন প্ৰৱৰ্তন কৰিছে সেইয়া উচিত পৰিমানে ব্যৱহৃত হৈছেনে ?? নে যি সকল এই আচঁনিৰ প্ৰাপ্য সেইসকলক ইয়াৰ পৰা বঞ্চিত কৰি জনপ্ৰতিনিধিৰ ময়মতালীৰ স্বৰূপ উদঙাই দিয়া হৈছে???

 এই সন্দৰ্ভত সমাজকৰ্মী প্ৰকাশ বৰাই এইদৰে কয়----


গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...