19 October, 2020
গোলাঘাটৰ ফৰকাটিংৰ এজন কিশোৰ নামতেওৰ জয়ন্ত নাথ ৷ অতি কম বয়সতে ফুটি উঠিছে তেওৰ প্ৰতিভা ৷
এইজন কিশোৰ ফৰকাটংৰ তিৰুৱাল গাঁৱৰ মাধৱ নাথৰ পুত্ৰ জয়ন্ত নাথ ৷ পুৱাৰ ফেহুজালিতেই তেও আৰম্ভ কৰে ৰাজপথত অথবা ফিল্ডত দৌৰ আৰু জাম্প ৷ফকাটিং কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ জয়ন্তই ইতিপূৰ্বে হাইজাম্প লংজাম্প আদিৰ বাবে বহুতো ট্ৰফী ; প্ৰমাণপত্ৰ লাভ কৰিছে ৷ এক ৰেকৰ্ড গঢ়িবলৈ আগ বাঢ়িছে নিজা প্ৰছেষ্টাত তেও অনুশীলন কৰিছে লংজাম্পৰ আৰু তেওঁ প্ৰায় ২৩ ফুট পয্যন্ত লংজাম্প মাৰিবলৈ সক্ষম হৈছে ৷ আমাৰ কেমেৰাৰ সন্মুখত ফৰকাটিং কলেজৰ ফিল্ডত জপিয়াই প্ৰদৰ্শন কৰালে এওৰ বিশেষ প্ৰতিভা ৷ নেচনেল গেমছৰ লিপিবদ্ধ হৈছে লংজাম্পৰ দূ্ৰত্ব ২৬ ফুত ৪ ইঞ্চি ৷ নৰ্থইষ্টৰ ৰেক’ডত ১৯ ফুত ৷ কেমেৰাৰ সন্মুখত স্থানীয় লোকৰ উপস্থিত জয়ন্তই
জপিয়ালে প্ৰায় ২৩ ফুট ৷
উপযুক্ত প্ৰশিক্ষণ লাভকৰিলে জয়ন্তই এদিন বিশ্বৰেক’ড গঢ়িব পাৰিব সেইকথা অনুমান কৰিব পাৰি ৷:: প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India