19 October, 2020
উত্তৰ পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিলে গোলাঘাটৰ এগৰাকী শিক্ষাৰ্থীয়ে ৷ পিছে কোন এইগৰাকী চাও আহক ৷
এইগৰাকী শিক্ষাৰ্থীৰ নাম কান্তাদৰ্শী পৰাশৰ ৷ গোলাঘাটৰ দুই শিক্ষাবিদৰ দুহিতা কান্তাদৰ্শী ওৰফে মিকু ৷ বোকাখাট J D S G কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° বিবেকানন্দ শৰ্মা আৰু খুমটাই জয়াগগৈ কলেজৰ প্ৰাক্তন অধ্যক্ষা শোভাৰাণী বৰকটকী শৰ্মাৰ দুহিতা কান্তাদৰ্শীয়ে সুনাম আনিলে নিজ জন্মস্থান গোলাঘাটলৈও ৷
পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধীনত চণ্ডীগড় চৰকাৰি চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেও শেহতীয়াকৈ ক্লিনিকেল চাইক’লজি দুবছৰীয়া এমফিল ডিগ্ৰীৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানৰ লগতে গ’ল্ড মেডেল লাভ কৰিছে ৷
তেওৰ এই সাফল্য উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত কান্তাদৰ্শীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম এ ডিগ্ৰী
লাভ কৰিছিল ৷ কান্তাদৰ্শীৰ এই সাফল্যই
আনন্দিত কৰিছে মাক
দেউতাকৰ লগতে গোলাঘাট বাসীকো ৷ এই সন্দৰ্ভত ড° বিবেকানন্দ শৰ্মা আৰু শোভাৰাণি বৰকটকীশৰ্মাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ::::
প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India