09 October, 2020
বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ব্ৰাহ্মণ সমাজ আৰু সত্ৰ মহাসভাৰ : আৰক্ষী থানাত গোচৰ . গোলাঘাট ৯ অক্টোবৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সকলৰ প্ৰতি কৰা ভাবুকি প্ৰদান আৰু কু ৰুচি মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে গোলাঘাটৰ ব্ৰাহ্মণ সমাজ । গোলাঘাট জিলা ব্ৰাহ্মণ সমাজ , গোলাঘাট জিলা সত্ৰ মহাসভা আৰু সমন্বিত যুৱ তীৰ্থৰ যৌথ উদ্যোগত গোলাঘাটৰ নামবৰ গেষ্ট হাউচৰ সভা গৃহত আজি অনুস্থিত এখন সভাই বিধায়ক গৰাকীৰ এনে বিদ্বেশ পূৰ্ণ আৰু উচতনী সূচক মন্তব্য দিয়াৰ পিছতো অসম চৰকাৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নোলোৱাত আশ্বয্য প্ৰকাশ কৰে । সভাই অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত বিধিৰে গ্ৰেপ্তাৰ আৰু অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোশ্বামীক বিধায়ক গৰাকীৰ বিধান সভাৰ সদস্য পদ খাৰিজ কৰিবলৈ দাবী জনায় পৃথকে পৃথকে দুখন স্মাৰক পত্ৰ প্ৰেৰণৰ সীদ্ধান্ত ও গ্ৰহণ কৰে । সভাই লগতে বিধায়ক গৰাকী যিটো দলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈছে সেই দলটোৰ নেতৃত্বৰ নিৰবতাকো সহজ ভাবে গ্ৰহণ কৰা নাই আৰু দলটোৰ নেতৃত্বক বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।গোলাঘাট জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি অতুল গোশ্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনত গোলাঘাট জিলা সত্ৰ মহাসভাৰ সম্পাদক প্ৰদীপ গোশ্বামী , ব্ৰাহ্মণ সমাজৰ জিলা সদস্য সূনীল কুমাৰ ৰাজগুৰু, গোলাঘাট জিলা সমন্বিত যুৱ তীৰ্থৰ সভাপতি তনুজ মহন্ত আৰু সম্পাদক মৌচুম মহন্ত আদিয়ে বক্তব্য প্ৰদান কৰে । সভাৰ অন্তত সংগঠন কেইটাৰ হৈ এক সজাতী দলে বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰজু কৰে ।:::: গোলাঘাট ৰ পৰা কৃষ্ণাক্ষীবৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India