04 October, 2020
মূখ্যমন্ত্ৰীক এঘাৰ দফীয়া স্মাৰকপত্ৰ দিলে কোচ জাতিৰ পাঁছ সংগঠনে অসমৰ ভূমীপুত্ৰ কোচ সকলক প্ৰতিনিধিত্ব কৰা পাঁচোটাকৈ সংগঠনে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখনি এঘাৰ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কোচ সকলক জনজাতিকৰণ কৰা ; অবিচিৰ প্ৰমাণপত্ৰ সমূহ অনলি কোচ হিচাপে দিয়া ; কোচ ভাষাৰ এহেজাৰ শিক্ষক নিযুক্তি দিয়া ; নিবনুৱা কোচ যুৱক যুৱতীক চৰকাৰি সাহায্য প্ৰদানকৰা ; ২০২১ ৰ চিলাৰায় দিৱসত কোচ জাতিৰ ইতিহাস সংকলনৰ প্ৰস্তাৱনা সংকলনৰ প্ৰকাশ কৰা ; আদি মুঠ এঘাৰটা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যোৱা ৩০ ছেপ্তেম্বৰৰ বিয়লি নাৰায়নীসেনা ; কোচ যুৱপৰিষদ ; কোচ মহিলা সমিতি ; কোচ সন্মিলন ; আৰু কোচ সাহিত্য সভাৰ প্ৰতিনিধি সকলে গুৱাহাটী খানাপাৰাৰ অসম পদাধিকাৰী প্ৰশাসনিক ভৱনত মুখ্যমন্ত্ৰীৰসৈত্যে এক আলোচনাত মিলিত হৈ স্মাৰকপত্ৰ খনি প্ৰদান কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India