Sunday, 4 October 2020

04 October, 2020 *গোলাঘাটত ক’ভিড-১৯ ত মৃত্যু ৭৪* *গৰাকী* ----------------------------------- ৪অক্টোবৰ২০২০ সমগ্ৰ বিশ্বজুৰি মানৱ সমাজক ত্ৰাসিত কৰি মৃত্যুৰ তাণ্ডৱ চলোৱা ক’ভিড-১৯ ত গোলাঘাটত আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যা ভয়াবহভাবে বৃদ্ধি হৈছে ৷ গোলাঘাট জিলাতপ্ৰথমৰ পৰা আজি পয্যন্ত ৭৪ গৰাকীৰ মৃত্যু হোৱাবুলি জিলা প্ৰশাসনৰ তথ্যৰযোগে চাৰিঅক্টোবৰত জানিবলৈ দিছে ৷ সহকাৰী আয়ুক্ত পাপুগগৈয়ে জানিবলৈ দিয়ে যে ক’ভিড-১৯ ত ৪৩ গৰাকী আৰু পৰোক্ষ ক’ভিডত (Non-Covid) ৩১ গৰাকী এই পয্যন্ত মৃত্যু হৈছে ৷ প্ৰথম অৱস্থাত ক’ভিডৰ নীতিনিয়ম মানি সাবধানতা অৱলম্বন কৰাৰ বাবে বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছতো মানুহ মৃত্যু হোৱা নাছিল যদিও ৰোগ লুকুৱাই ৰাখি এচামে গণ সংক্ৰমিত কৰাত ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷ জিলা উপায়ুক্তকে ধৰি ক’ভিড-১৯ ৰ দায়ীত্বত থকা বিষয়া সকলে জনতাৰ মঙ্গলৰ হকে ক’ভিড-১৯ নীতি নিয়ম মানিবলৈ জনসাধাৰণক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও লকডাউন শিথিলতাৰ বাবে সৰহসংখ্যকে এনে আহৱানক অৱহেলা কৰাত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷ ৪অক্টোবৰ বিয়লি পয্যন্ত ৰেপিড টেষ্টত ৫৪ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷প্ৰথমৰপৰা চাৰি অক্টোবৰ বিয়লি পয্যন্ত পজিটিভ ৰোগীৰ সংখ্যা ৭৬৯৫ গৰাকী ৷ ইয়াৰে ৬৬৯৭ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভ ৰোগীৰ সংখ্যা ৯২৬ গৰাকী ঃঃ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 04 October, 2020


*গোলাঘাটত ক’ভিড-১৯ ত মৃত্যু ৭৪*

 *গৰাকী*

-----------------------------------

 ৪অক্টোবৰ২০২০

সমগ্ৰ বিশ্বজুৰি মানৱ সমাজক ত্ৰাসিত কৰি মৃত্যুৰ তাণ্ডৱ চলোৱা ক’ভিড-১৯ ত গোলাঘাটত  আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যা ভয়াবহভাবে বৃদ্ধি হৈছে ৷ গোলাঘাট জিলাতপ্ৰথমৰ পৰা

 আজি পয্যন্ত ৭৪

 গৰাকীৰ মৃত্যু হোৱাবুলি জিলা প্ৰশাসনৰ তথ্যৰযোগে চাৰিঅক্টোবৰত  জানিবলৈ দিছে ৷ সহকাৰী আয়ুক্ত পাপুগগৈয়ে জানিবলৈ দিয়ে যে ক’ভিড-১৯ ত ৪৩ গৰাকী আৰু পৰোক্ষ ক’ভিডত  (Non-Covid) ৩১ গৰাকী এই পয্যন্ত মৃত্যু হৈছে ৷ প্ৰথম অৱস্থাত ক’ভিডৰ নীতিনিয়ম মানি সাবধানতা অৱলম্বন কৰাৰ বাবে বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছতো মানুহ মৃত্যু হোৱা নাছিল যদিও ৰোগ লুকুৱাই ৰাখি এচামে গণ সংক্ৰমিত কৰাত ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷  জিলা উপায়ুক্তকে ধৰি ক’ভিড-১৯ ৰ দায়ীত্বত থকা বিষয়া সকলে জনতাৰ মঙ্গলৰ হকে ক’ভিড-১৯ নীতি নিয়ম মানিবলৈ জনসাধাৰণক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও লকডাউন শিথিলতাৰ বাবে সৰহসংখ্যকে এনে আহৱানক অৱহেলা কৰাত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷  ৪অক্টোবৰ বিয়লি পয্যন্ত ৰেপিড টেষ্টত ৫৪ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷প্ৰথমৰপৰা চাৰি অক্টোবৰ বিয়লি পয্যন্ত পজিটিভ ৰোগীৰ সংখ্যা ৭৬৯৫ গৰাকী ৷ ইয়াৰে ৬৬৯৭ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভ ৰোগীৰ সংখ্যা ৯২৬ গৰাকী

 ঃঃ কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...