Tuesday, 8 September 2020

08 September, 2020 Golaghat Cultivateor কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে গোলাঘাটৰ খুমটাই সমষ্টিৰ বুৰালিকচনৰ এজন কৃষকে ৷ বুটলিলে ৰাষ্ট্ৰীয় সন্মান ৷ ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; তেওঁ কৰা অক্লান্ত শ্ৰমৰ বাবেই ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ নাম তেওৰ পল্লৱ গগৈ ৷ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিও ৰূপন কৰিলে ৷ তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক এটা ফিচাৰী আদিও আছে বাৰিখনত ৷ আছে উন্নত জাতৰ গাহৰি ৷ বৰ্তমান ৩৫ জনী মাইকী ৫টা মটা আৰু ৭৫ টা পোৱালি ৷ ৪৫ দিনীয়া উন্নত জাতৰ গাহৰি পোৱালী বিক্ৰী কৰে প্ৰতিটোত ৬ হেজাৰ টকাকৈ ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ কিন্ত কষ্টৰ ফল সদায় মিঠা ৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷ কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 08 September, 2020


Golaghat Cultivateor

কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে গোলাঘাটৰ খুমটাই সমষ্টিৰ বুৰালিকচনৰ এজন কৃষকে ৷ বুটলিলে ৰাষ্ট্ৰীয় সন্মান ৷

ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; তেওঁ কৰা অক্লান্ত শ্ৰমৰ বাবেই ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ নাম তেওৰ পল্লৱ গগৈ ৷ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ  আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিও ৰূপন কৰিলে ৷

 তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক  এটা ফিচাৰী আদিও

 আছে বাৰিখনত ৷ আছে উন্নত জাতৰ গাহৰি ৷ বৰ্তমান ৩৫ জনী মাইকী ৫টা মটা আৰু ৭৫ টা পোৱালি ৷ ৪৫ দিনীয়া উন্নত জাতৰ গাহৰি পোৱালী বিক্ৰী কৰে প্ৰতিটোত ৬ হেজাৰ টকাকৈ ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ কিন্ত কষ্টৰ ফল সদায় মিঠা ৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷  কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ

 সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...