Tuesday, 8 September 2020

07 September, 2020 Golaghat death body recover VO= কাজিৰঙা পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷দেওবাৰে বিয়লি সংঘটিত হোৱা এই কৰুণ ঘটনাটোৰ পাছত সোমবাৰে পুৱাৰ ভাগত SDRF য়ে চলোৱা ২ঘণ্টা জোৰা অভিযানৰ অন্তত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য বোকাখাত চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত কাৰ্বি আলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটক উপস্থিত হয় এই কাইফলাংচু জলপ্ৰপাতত৷বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ দলে যঠেষ্ট ভিৰ কৰে এই জলপ্ৰপাতটোত ৷ আনকি গ্ৰীষ্মৰ সময়চোৱাতো আহযাহ চলি থাকে দৰ্শনাৰ্থীৰ। কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷ প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ দেওবাৰে বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা অহা ৮ জনীয়া এটা যুৱকৰ দলে গা ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷ দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিৱাকৰ নাগ আৰু টুকানী পাৰ্কৰ সুদীপ বস্কি নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত পৰবৰ্তি সময়ত কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে দেওবাৰে আৰক্ষীয়ে অভিযান চলাব পৰা নাছিল যদিও পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি চৰকাৰী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত সোমবাৰে SDRF য়ে চলোৱা উদ্ধাৰ অভিযানত দুয়োজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে বিৱাকৰ নাগ আছিল ১৯ বছৰ অনুৰ্দ্ধ অসম ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈ l উল্লেখযোগ্য যে কাকচাঙৰ এই জলপ্ৰপাতটোত ইয়াৰ পূৰ্বেও শোকাবহভাৱে সলিল সমাধি ঘটিছে তিনিজনকৈ যুৱকৰ। ২০১৮চনৰ অক্টোবৰ মাহত যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা আৰু একে বৰ্ষৰে ডিচেম্বৰ মাহত ঢেকিয়াজুলিৰ দীপক বৰা, ২০১৯ বৰ্ষৰ জুন মাহত যোৰহাট বায়ু সেনাৰ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ গৌৰৱ গুপ্তাৰ জলপ্ৰপাতটোত মৃত্যু হোৱাৰ পাছতো বৰ্তমানলৈকে কাৰ্বি আংলং আৰু বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহন কৰা নাই কোনো সতৰ্কতা আৰু নিৰাপত্তামুলক ব্যৱস্থা ফলত দেওবাৰে পুণৰাই সংঘটিত হ'ল এই শোকাবহ ঘটনাটিৰ। BYTE: স্থানীয় লোক Byte2 -উদ্ধাৰকাৰী আৰক্ষী ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৭/৯/২০২০

 07 September, 2020


Golaghat death body recover 


VO= কাজিৰঙা পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷দেওবাৰে বিয়লি সংঘটিত হোৱা এই কৰুণ ঘটনাটোৰ পাছত সোমবাৰে পুৱাৰ ভাগত SDRF য়ে চলোৱা ২ঘণ্টা জোৰা অভিযানৰ অন্তত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

 উল্লেখযোগ্য  বোকাখাত চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত কাৰ্বি আলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটক উপস্থিত হয় এই কাইফলাংচু জলপ্ৰপাতত৷বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ দলে যঠেষ্ট ভিৰ কৰে এই  জলপ্ৰপাতটোত ৷ আনকি গ্ৰীষ্মৰ সময়চোৱাতো আহযাহ চলি থাকে দৰ্শনাৰ্থীৰ। কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷

 প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ দেওবাৰে বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা অহা  ৮ জনীয়া এটা যুৱকৰ দলে গা  ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷ দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিৱাকৰ নাগ  আৰু টুকানী পাৰ্কৰ সুদীপ বস্কি  নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও  সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত পৰবৰ্তি সময়ত  কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে দেওবাৰে  আৰক্ষীয়ে  অভিযান চলাব পৰা নাছিল যদিও  পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি চৰকাৰী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত সোমবাৰে SDRF য়ে চলোৱা উদ্ধাৰ অভিযানত দুয়োজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে বিৱাকৰ নাগ আছিল ১৯ বছৰ অনুৰ্দ্ধ অসম ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈ l

উল্লেখযোগ্য যে কাকচাঙৰ এই জলপ্ৰপাতটোত ইয়াৰ পূৰ্বেও শোকাবহভাৱে সলিল সমাধি ঘটিছে তিনিজনকৈ যুৱকৰ। ২০১৮চনৰ অক্টোবৰ মাহত যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা আৰু  একে বৰ্ষৰে ডিচেম্বৰ মাহত ঢেকিয়াজুলিৰ দীপক বৰা, ২০১৯ বৰ্ষৰ জুন মাহত যোৰহাট বায়ু সেনাৰ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ গৌৰৱ গুপ্তাৰ জলপ্ৰপাতটোত মৃত্যু হোৱাৰ পাছতো বৰ্তমানলৈকে কাৰ্বি আংলং আৰু বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহন কৰা নাই কোনো সতৰ্কতা আৰু নিৰাপত্তামুলক ব্যৱস্থা ফলত দেওবাৰে পুণৰাই সংঘটিত হ'ল এই শোকাবহ ঘটনাটিৰ।

BYTE: স্থানীয় লোক

Byte2 -উদ্ধাৰকাৰী আৰক্ষী ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৭/৯/২০২০


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...