05 September, 2020
গোলাঘাট জিলাপৰিবহন বিভাগে শুক্ৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাহনৰ তালাচী চলায়
ক’ডিড প্ৰতকল ভঙ্গকৰি সৰহসংখ্যক যানবাহনেই ৫০% যাত্ৰীৰ ঠাইত ১০০% যাত্ৰী উঠোৱাৰ লগত লকডাউনৰ লোকচান পুৰাবলৈ যাত্ৰীৰপৰা তিনিগুণতকৈও অধিক ভাড়া আদায় কৰি আহিছে ৷ দিবা আৰু যাত্ৰীবাহী নৈশবাচ লগতে
চহৰৰপৰা বিভিন্ন ঠাইলৈ যোৱা ৰাজহুৱা বাহন সমূহে এনে অনিয়ম বেপেৰুৱাভাবে চলাই থকাত জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰী এমভি আই পৰাগ শইকীয়াই এনফৰ্ছমেণ্ট আৰু আৰক্ষীৰ সহযোগত শুক্ৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত তালাচী চলায় আৰু ক’ভিড-১৯ ৰ প্ৰতোকল ভঙকৰা আৰু যাত্ৰীৰ পৰা তিনিগুণতকৈও অধিক ভাড়া আদায়কৰা নৈশ বাছৰ পৰা জৰিমনা আদায় কৰে ৷ ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৫ ছেপ্তেম্বৰ ২০২০
No comments:
Post a Comment
Welcome Northeast News India