03 September, 2020
Golaghat Kush
“কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ” এক ললীপপ ------সদৌ কোচ যুৱ পৰিষদ ৷
৩ছেপ্তেম্বৰ
অসম বিধানসভাত বৃহস্পতিবাৰে চৰকাৰে মৰাণ ; মটক আৰু কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ; অতন’মাছ কাউঞ্চিল ঘোষণা কৰা বিষয়টোত সন্তুষ্ট নহয় - সদৌকোচ যুৱপৰিষদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নিৰ্মল দত্ত ; নাৰায়নীসেনাৰ সেনাধ্যক্ষ মিণ্টু বৰা কোচ গোলাঘাট জিলাৰ সেনাধ্যক্ষ শৰৎ
তামুলী;য়ে আজি চৰকাৰৰ এই ঘোষণাক মানি লোৱানাই সংগঠনটোৰগোলাঘাটৰ কা্য্যালয় বৃহস্পতিবাৰে তেওঁলোকে স্পষ্ট কৰেযে চৰকাৰে "কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ ঘোষণা কৰা মানেই এই পৰিষদখন কোচ সকলক দিছে "কোচ ৰাজবংশী "বুলি কোনো সুকীয়া জাতি নাই “ৰাজবংশী” এটা উপাধীহে ৷ স্বায়ত্ত্বশাসিত পৰিষদ এটা চৰকাৰি ললিপপ বুলি সংগঠনটোৱে অভিহিত কৰিছে ৷ ভূমীপুত্ৰ কোচ সকলে জনজাতিকৰণ আৰু প্ৰতিজিলাত একোখনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবীলৈ সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে ৷ চলিত বিধানসভাৰ আৰম্ভণি দিনাও গুৱাহাটীত এই দাবীৰে ধৰ্ণা কায্যসূচী পালন কৰিলে তথাপিও চৰকাৰে জাতিটোক ভাগ ভাগ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লীপ্তহৈছে ৷ কোচ জাতিটোক একেখন সংবিধানত অসমত অন্যান্য পিছপৰা ; মেঘালয়ত জনজাতি আৰু পশ্চিমবঙ্গত অনুসূচীত জাতিৰ ময্যদা দিয়া হৈছে ৷ চৰকাৰৰ এই বিভাজনৰ ৰাজনীতি কিয় বুলি নেতাসকলে প্ৰশ্ন কৰিছে ৷ আৰু বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি অহা নিৰ্বাচনৰ পূৰ্বেই তেওলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ :::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India