7 August, 2020
এজন লোকৰ অকালমৃত্যুৰ বাবেই বৃহস্পতিবাবে সৰৱহৈ উঠে গোলাঘাটৰ দুই জাতীয় সংগঠন ৷
মঙ্গলবাৰে ফৰকাটিংৰ নৱনিৰ্মীত অভাৰব্ৰীজত এক অঘটন সংঘটিত হয় ৷ ফৰকাটিংত ৰেল’ৱে অ’ভাৰ ব্ৰীজে প্ৰাণ ললে ভূপেন হাজৰিকাৰ ৷ এই ঘটনাৰ পিছত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা নিপন গগৈ আৰু টাইআহোম ছাত্ৰসন্ঠাৰ সভাপতি কৃষ্ণ বৰুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু প্ৰকৃত ঘটনাৰ বুজ লয় ৷
গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত অদ্ধনিৰ্মিত অভাৰব্ৰীজেৰে যাত্ৰা কৰোতে এজন লোকৰ অকালমৃত্যু হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চাৰি আগষ্টত ভূপেন হাজৰিকা নামৰ লোকজনে দলংখনৰ এটামুৰত কোনো বিপদৰ সাংকেটিক চিহ্ন নেদেখি দলংৰ কাম সম্পূৰ্ণ হলবুলি ভাবি বাইকেৰে
দলংখনন উঠে আৰু দলংত উঠোতে স্থানীয় এজন লোকে তেওক বাধাও দিছিল যদিও তেও গমেই নেপালে আৰু দলংৰ মাজভাগতেই তেও বাইকেৰে সৈতে প্ৰায় সাত মিটাৰ তললৈ পৰি যায় ৷ গুৰুতৰ ভাবে আহত ভূপেন হাজৰিকাক লগেলগে গোলাঘাটৰ ছহিদ কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷যদিও কিছূসময়ৰ পিছত তেওৰ মৃত্যু হয় ৷ গড়কাপ্তানী বিভাগত কৰ্মৰত ভূপেন হাজৰিকা আঠগাঁৱৰ ফাটুৱালগাঁৱৰ বাসিন্দা ৷ ইফালে “বৰষুণ গলে জাপি" লোৱাৰ দৰে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতহে অডাৰ ব্ৰীজৰ সন্মুখত সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰ গোষ্ঠীয়ে শিল বাহেঁৰে
পথটো বন্ধ কৰে ৷ নিৰ্মাণৰত অৱস্থাত থকা এই দলংখন ব্যস্ত ফৰকাটিং ৰেল জংছনত
ৰেলগেটত জিএফ ৰোডত আৱদ্ধহোৱা সূচল যাতায়তৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ হাইটেক নামৰ কোম্পানীটোৱে দলংখন মধ্যস্থল সম্পূৰ্ণকৈ নিৰ্মাণ
নকৰি কিহৰবাবে এনেকৈ মৰণফান্দ কৰি ৰাখিলে সেই কথা জনা নগল ৷ইফালে এই সন্দৰ্ভত অসম জাতীয়তাবাদী য়ুৱপৰিষদৰ সম্পাদক নিপন গগৈ আৰু টাই আহোম ছাত্ৰসন্থা সভাপতি কৃষ্ণগগৈয়ে এক উচিত তদন্তৰ দাবী কৰাৰ লগতে নিহত জনৰ পৰিয়ালক আৰ্থিক সাহায়্য দিৱৰ বাবে হাইটেক কোম্পানীক দাবী জনায়।
প্ৰকাশ শৰ্মা পূৰ্ণ বৰা ৰিপত গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India