Friday, 24 July 2020
24 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জনতা ভৱনত অসমৰ মীনখণ্ডক অধিক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্যৰে ১২ গৰাকী মীন উন্নয়ন বিষয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু মীনখণ্ডৰ উন্নয়নৰ বাবে আধুনিক দৃষ্টিভংগীৰে কাম কৰি যাবলৈ তেখেতসকলক আহ্বান জনায়। অসমে ২০১৯-২০ বৰ্ষত ৩.৩৫ লাখ মেট্ৰিক টন মৎস্য উৎপাদনেৰে অভিলেখ গঢ়িছে। ২০১৫-১৬ বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত ৪%তকৈও অধিক মৎস্য উৎপাদন হৈছে। ইয়াৰ যোগেদি অসমে মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰসমূহলৈও মাছ ৰপ্তানি কৰিছে। দক্ষিণ-পূব এছিয়াৰ বিভিন্ন বজাৰত আমাৰ সুদৃঢ় স্থিতি গঢ় দিয়াৰ লক্ষ্যৰে এতিয়া আমি অসমক 'মাছ ৰপ্তানিকাৰী ৰাজ্য' (Fish Exporting State) হিচাপে আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিছোঁ : মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 'আত্মনিৰ্ভৰ অসম' গঢ় দিয়াৰ দিশত আমাৰ মীনখণ্ডই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আমি সকলোৱে মিলি এই নীল বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব লাগিব : মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...







No comments:
Post a Comment
Welcome Northeast News India