Thursday, 23 July 2020
23 July, 2020 কামৰূপ জিলাৰ ৰঙিয়াত পুঠিমাৰী নৈৰ বানত ক্ষতিগ্ৰস্ত শ'লমাৰী অঞ্চল আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়াৰ টি টি কলেজত স্থাপন কৰা সাহায্য শিবিৰলৈ গৈ বানাক্ৰান্তসকলৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকে লাভ কৰা সাহায্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বগৰীবাৰীত পুঠিমাৰী নৈৰ ভঙা অংশ তৎকালে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে ইতিমধ্যে পুঁজি মুকলি কৰি দিয়া বুলিও জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপানীয়ে ক্ষতিসাধন কৰা দৰঙৰ জনাৰাম চৌকা, শাকতোলা আদি অঞ্চল পৰিদর্শন কৰে। শাকতোলা আৰু ননৈ নৈৰ মথাউৰি ভঙাৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়াৰ বুজ লয়। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ শীঘ্ৰে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। মহৰ্ষি বিদ্যা মন্দিৰত স্থাপন কৰা এটা আশ্ৰয় শিবিৰলৈ গৈ মুখ্যমন্ত্ৰীয়ে তাত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে।
Subscribe to:
Post Comments (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
No comments:
Post a Comment
Welcome Northeast News India