Thursday, 23 July 2020
23 July, 2020 কামৰূপ জিলাৰ ৰঙিয়াত পুঠিমাৰী নৈৰ বানত ক্ষতিগ্ৰস্ত শ'লমাৰী অঞ্চল আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়াৰ টি টি কলেজত স্থাপন কৰা সাহায্য শিবিৰলৈ গৈ বানাক্ৰান্তসকলৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকে লাভ কৰা সাহায্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বগৰীবাৰীত পুঠিমাৰী নৈৰ ভঙা অংশ তৎকালে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে ইতিমধ্যে পুঁজি মুকলি কৰি দিয়া বুলিও জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপানীয়ে ক্ষতিসাধন কৰা দৰঙৰ জনাৰাম চৌকা, শাকতোলা আদি অঞ্চল পৰিদর্শন কৰে। শাকতোলা আৰু ননৈ নৈৰ মথাউৰি ভঙাৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়াৰ বুজ লয়। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ শীঘ্ৰে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। মহৰ্ষি বিদ্যা মন্দিৰত স্থাপন কৰা এটা আশ্ৰয় শিবিৰলৈ গৈ মুখ্যমন্ত্ৰীয়ে তাত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...









No comments:
Post a Comment
Welcome Northeast News India