Wednesday, 3 June 2020
২ মে’২০২০ গোলাঘাটৰ এনাজৰি বিবাহ ভৱনটো নিৰ্মাণত বিসঙ্গতি হোৱাৰ বাবে এতিয়া কুফল ভোগিছে গ্ৰাউণ্ড ফ্লৰত থকা ব্যৱসায়ী সকলে ৷ গোলাঘাট আৰক্ষীথানাৰ সন্মুখত থকা এইটো এনাজৰী বিৱাহ ভৱন ৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা ভৱনটো আছল অতি বিসঙ্গতি পূৰ্ণ ৷ সেইসময়ত অতি ক্ষমতাবান হৈপৰা এজন কংগ্ৰেছীৰ ছত্ৰছায়াত নিৰ্মাণ হোৱা ভৱনটোত কেলেংকাৰীৰ অভিযোগ উঠিছিল ৷ আৰু সেই অভিযোগ ক্ষমতাবান কংগ্ৰেছি জনেই ধাকি ৰাখছিল ৷ কিন্ত বছৰ বাগৰাৰ লগেলগে সেই অভিযোগ সত্যত পৰিণত হৈছে ৷ কিছূবছৰৰ আগৰ পৰা এই বিবাহ ভৱনৰ ছাদত ফাটঁ মেলিল ফলত এজাক চিপচিপিয়া বৰষুণতে তলত থকা দোকান সমূহত পানীপৰে ৷ দেশৰ লকডাউনৰ পিছত এই বিবাহ ভৱনটোৰ ওপৰ মহলা প্ৰশাসনে কুৱাইনটাইন চেন্টাৰ হিচাপে ব্যৱহাৰ কৰিছে ৷ বহুকেইজন কৰুণা ৰোগীক ইয়াত ৰখা হৈছে ৷ ফলত এজাক বৰষুণ দিলেই তলৰ দোকানী সকলৰ মাজত আতংকৰ সৃষ্টি হয় ৷ কিয়নো ওপৰত থকা লেট্ৰিনৰ বৃষ্ঠা পাইপেৰে তলত পৰে ; লেট্ৰিনৰ পানীও বিসঙ্গতিপূৰ্ণ চাদৰ ফাটেঁৰে দোকানত সোমায় ৷ এনে এক দুগন্ধময় পৰিবেশৰ বাবে এতিয়া দোকান সমূহলৈ গ্ৰাহক অহাটো বন্ধ হৈ পৰিছে ৷ এই মাৰ্ৰকেটত থকা শতাধিক ব্যৱসায়ীৰ এনে গভীৰ সমস্যাৰ বিষয়ে সংশ্লিষ্ট কতূপক্ষক জনাইছে যদিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ৷ ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
Subscribe to:
Post Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
No comments:
Post a Comment
Welcome Northeast News India