Sunday, 28 June 2020
28 Jun, 2020 বিয়াৰ দিন সলনি কৰা এদল চোৰ। লকডাউনৰ বাবে বিবাহৰ মূহুৰ্ত সলনি কৰিছে একাংশ লোকে, কিন্তু গোলাঘাটত লকডাউনৰ মাজতেই চোৰৰ বাবে সলনি কৰিব লগা হ'ল বিবাহৰ দিন। এইবাৰ কুকুৰা চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত ধৰা পৰিল বিয়াৰ দিন সলনি কৰা চোৰৰ গেং। চাওক আমাৰ এই প্ৰতিবেদন। দেখাত নিমাখিত যেন লাগিলেও এওঁলোক কিন্তু কম নহয়। গভাইত চোৰ। মুৰ্গী, মাছ , দোকানৰ ফাৰ্নিছাৰ, ফেন আদি একো সাৰি নাযায় এওঁলোকৰ পৰা। এই চোৰ কেইটাৰ হল তপন নগৰৰ ইহঁতৰ ধনীৰাম কৰ্মকাৰ, পাৰ্থ কলিতা আৰু কছাৰীহাটৰ দুল আলি। দিনটো ঘৰতে থকাৰ পাছত এন্ধাৰ হ'লেই ওলাই আহে এই কেইজন। পাছে এশগৰু মাৰিলে বাঘৰো মৰণ দিন বেয়া আছিল ইহঁতৰ । শৰিবাৰে শনি লম্ভিল ইহতৰ গাত নিশা লকডাউনৰ মাজতে চহৰৰ মাছৰ বজাৰৰ পৰা মুৰ্গী চোৰ কৰোতে কতব্যৰত আৰক্ষী প্ৰশান্ত গগৈ আৰু যজ্ঞেশ্বৰ কাৰদং চকুত পৰিল চোৰকেইটাৰ ওপৰত ৷তহলদাৰী আৰক্ষীৰ সহযোগত ধৰা পৰিল তিনিওটা চোৰ। তাৰপাছতে ওলাল জোলোঙাৰ মেকুৰী। আৰক্ষীয়ে চোৰ কেইটাৰ ঘৰৰ পৰা ফাৰ্ণিছাৰ, ফ্ৰীজ, কুকুৰা, মাছ , ফেন আদি বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। মন কৰিবলগীয়া কথা যে বেঙেনা খোৱাৰ এখন ফাৰ্নিচাৰ দোকানত এজন গ্ৰাহকে নিজৰ ছোৱালীৰ বিবাহৰ বাবে অৰ্ডাৰ দি থোৱা সমুদায় ফাৰ্ণিছাৰ এইকেইটা চোৰে চুৰি কৰি নিয়াত বিবাহৰ দিন পিছুৱাই দিবলগীয়া হয়। আনৰ বিবাহৰ দিন সলনি কৰা এইকেজন চোৰে এতিয়া জেলত হিচাব কৰিব নিজৰ মুক্তিৰ দিন।:: পাৰ্থ প্ৰতিম বৰা গোলাঘাট ৷ ২৮ জুন
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India