Saturday, 9 May 2020

পৰিস্থিতিৰ পৰ্যালোচনা

9 May, 2020

 যোৱা কালি অসমৰ শক্তি খণ্ডৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ক'ভিড-১৯ৰ সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে এই খণ্ডৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

গুৱাহাটীত উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত এই বৈঠকত সামগ্ৰিক কাৰ্যক্ৰমৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগৰ খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। 

বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে- ১০০ মেগাৱাট Namrup Replacement Power Project সময়মতে সম্পূৰ্ণ হৈ উঠিব আৰু চলিত বৰ্ষৰ ৩১ মে'ৰপৰা সন্মিলিত বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হ'ব।

অসমত কাম-কাজ আৰম্ভ কৰিব খোজা উদ্যোগসমূহক যোগান ধৰিব পৰাকৈ অতিৰিক্ত ৩৫০ মেগাৱাট শক্তি মজুত আছে বুলি বৈঠকত জনাইছে। 

অধিক বিনিয়োগ তথা নতুন প্ৰকল্পৰ দিশত মনোনিবেশ কৰিবলৈ শক্তি বিভাগক মুখ্যমন্ত্ৰীয়ে লগতে আহ্বান জনায়।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...