9 May, 2020
সামাজিক দূৰত্ব বজাই ৰাখি যোৱা কালি অসম মন্ত্ৰী পৰিষদৰ বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয় যায়।
তৃতীয় পৰ্যায়ৰ লকডাউনৰ নীতি-নিৰ্দেশনা তথা সামাজিক দূৰত্ব মানি চলিবলৈ, মাস্ক ব্যৱহাৰ আৰু সঘনাই ছেনিটাইজ কৰি থাকিবলৈ জনগণৰ প্ৰতি অসম মন্ত্ৰী পৰিষদে আহ্বান জনাইছে।
বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু বিনিয়োগক উৎসাহিত কৰাৰ বাবে Assam Agricultural Produce & Livestock Marketing (Promotion & Facilitation) Ordinance 2020-ত অনুমোদন
ভাৰতত প্ৰস্তুত কৰা বিদেশী সুৰা (Indian Made Foreign Liquor)-ৰ আবকাৰী শুল্ক বৃদ্ধিত অনুমোদন, যাৰ বাবে সৰ্বাধিক বিক্ৰী মূল্য (MRP) ২৫% বৃদ্ধি পাব
শ্ৰম আইনৰ সংশোধনসমূহ:
Fixed Term Employment-ৰ প্ৰৱৰ্ত
ফেক্টৰী আইন ৰূপায়ণৰ বাবে শ্ৰমিকৰ সংখ্যা ন্যূনতম ১০ৰপৰা ২০ (বিদ্যুৎচালিত) আৰু ২০ৰপৰা ৪০ (বিদ্যুৎবিহীন)লৈ বৃদ্ধি
Assam Contract Labour Act ৰূপায়ণৰ বাবে শ্ৰমিকৰ ন্যূনতম সংখ্যা ২০ৰপৰা ৫০লৈ বৃদ্ধি
ক'ভিড-১৯ৰ সময়ছোৱাত দৈনিক কৰ্মসূচী ৮ৰপৰা ১২ ঘণ্টালৈ বৃদ্ধি
চাহ বাগিচাসমূহত সৰ্বাধিক শ্ৰমিক নিয়োজনেৰে পূৰ্ণাংগ পৰ্যায়ত কাম-কাজ চলাব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত সামাজিক দূৰত্ব, লকডাউন আৰু চৰকাৰৰ প্ৰয়োজনীয় নীতি-নিৰ্দেশনা মানি চলাটো নিতান্তই বাঞ্ছনীয়বাঞ্ছনীয় বুলি প্ৰকাশ কৰিছ।
No comments:
Post a Comment
Welcome Northeast News India