জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৬/২০২৩
*বিশেষ টীকাকৰণ অভিযানঃ গোলাঘাটত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য*
*ৰেচন কাৰ্ড থকা ৫ লাখৰো অধিক লোকক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ*
গোলাঘাট, ১৫ ফেব্ৰুৱাৰী : কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া বিশেষ টীকাকৰণ অভিযান ২.০ ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা আৰু প্ৰস্তুতি সভা অনুষ্ঠিত হয় । এই বিশেষ টীকাকৰণ অভিযানত ইতিমধ্যে বাদ পৰি যোৱা, জন্মৰ পৰা ৫ বছৰ বয়সৰ শিশু আৰু গৰ্ভৱতী মাতৃসকলক টীকাকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) কুলদীপ হাজৰিকাই এই অভিযান সফল কৰি তুলিবৰ বাবে উপস্থিত বিষয়াসকলৰ লগতে চিকিৎসক স্বাস্থ্যকৰ্মীসকলক অধিক তৎপৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ এটিও শিশু আৰু এগৰাকীও গৰ্ভৱতী মহিলা যাতে বাদ নপৰে তাৰ বাবে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাকৈ কাম কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জিলাখনত ১০০ শতাংশ টীকাকৰণ যাতে সম্পূৰ্ণ হয় সেই লক্ষ্যৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখযোগ্য যে গোলাঘাট জিলাত বিশেষ টিকাকৰণ অভিযান ২.০ ৰ প্ৰথম পৰ্যায়ত ৫২৯ আৰু দ্বিতীয় পৰ্যায়ত ৩৯৫ টা টীকাকৰণ কৰোৱা হৈছিল । এই পৰ্যায়ত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য লোৱা হৈছে । বোকাখাত, সৰুপথাৰ, চাৰিঙীয়া আৰু গোলাঘাট (নগৰ) খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত এইসমূহ টীকাকৰণ কৰোৱা হ'ব ।
ইফালে আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুতকৰণৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জিলাখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুঠ ৬,৪৬,৩৫৬ গৰাকী হিতাধিকাৰী আছে । এতিয়ালৈকে ইয়াৰে প্ৰায় ১ লাখ ৩০ হাজাৰ হিতাধিকাৰীয়েহে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰিছে । বাকী থকা ৫ লাখৰো অধিক লোকে যাতে অহা ২৫ মাৰ্চৰ ভিতৰত এই কাৰ্ড লাভ কৰে তাৰ বাবে তেওঁ স্বাস্থ্য বিভাগক তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম অব্যাহত আছে । তেওঁ ৰেচন কাৰ্ড থকা লোকসকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় । লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বেংক সখী, বীমা সখী আদিয়ে ঘৰে ঘৰে গৈ এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম কৰি আছে । উল্লেখযোগ্য যে এই স্বাস্থ্য বীমাৰ অধীনত এগৰাকী হিতাধিকাৰীৰ বাবদ চৰকাৰে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহন কৰিব ।
আজিৰ বৈঠকত জিলা টীকাকৰণ বিষয়া ডাঃ বিপুল কুমাৰ দাসে পাৱাৰপইন্ট প্ৰেজেণ্টেছনৰ সহায়ত এই অভিযানৰ অধীনত জিলাখনত টীকাকৰণৰ সবিশেষ তথ্য দাঙি ধৰে । সভাত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জেচমিন বেগম, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু মহকুমা স্বাস্থ্য বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*