07 November , 2020
ফুটাইছে গুলি ফুটাইছে বনকৰ্মীয়ে
পকা ধানৰ গোন্ধে মতলীয়া কৰে বনৰীয়া হাতী জাকক।
দিন ৰাতি সমানে ধাননি পথাৰ তহিলং কৰে বনৰীয়া হাতী জাকে ৷নুমলীগড় ; মৰঙী থোৰামুখ ; কুঁৱৰী পথাৰ ; গাড়ীগাও আইটনীয়া মিৰিগাও আদিত শ শ বিঘা কৃষি পথাৰ গচকী খাই তহিলং কৰিছে ।বন কৰ্মীৰ হাতী খেদিবলৈ চেষ্টা চলাই উপয্যুপৰি শূণ্যত গুলি ফুটুৱাৰ পাছতো ধাননি পথাৰ এৰি নাযায় বন্য হস্তীৰ যাকটোৱে ।
কৃষকৰ এই পকাধান চপোৱাৰ বতৰত অব্যাহত থকা হাতী তাণ্ডৱৰ ফলত মুৰে কপালে হাত দিবলগা হৈছে খাটিখোৱা খেতিয়কে ৷
এই দৃশ্য নুমলীগড়ৰ বিভিন্ন অঞ্চলৰ । দিন ৰাতি একাকাৰ কৰি বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই নুমলীগড়ৰ বিভিন্ন অঞ্চলত ।দিনে ৰাতিয়ে তাণ্ডৱ চলাই হাতীৰ যাকে খাই গচকী নষ্ট কৰে শ শ বিঘা ধাননি পথাৰ ।নুমলীগড়ৰ পুৰাবাংলাবন পথাৰ,মিৰিপথাৰ ,গিদিবস্তি ,চুমনী ,হালোৱা গাঁৱৰ ধাননি পথাৰতd অৱস্থান কৰি ধান খাই গচকী তহিলং কৰিছে বন্য হস্তীয়ে ।বন্য হস্তীৰ জাকক খেদিবলৈ অপ্ৰাণ চেষ্টা বন বিভাগৰ ।গুলি ফুটাই ভাগৰি পৰিছে বন কৰ্মী।কিন্ত পকা ধানৰ পথাৰৰ পৰা খেদি পঠাব পৰা নাই বন্য হস্তীৰ জাকক ।উপায়বিহীন বন বিভাগ ।আনফালে পুৰাবাংলা খণ্ড বন কাৰ্যালয়ত সীমিত বন কৰ্মীয়ে দিনে ৰাতিয়ে কষ্ট কৰিছে ।মাত্ৰ কেইজনমান বনকৰ্মীয়ে বৃহত্তৰ অঞ্চলতোত হাতী খেদিবলৈ চেষ্টা কৰিব লগীয়া হৈছে ।ৰাইজৰ আহ্বান পুৰাবাংলা খণ্ড বন কাৰ্যালয় আৰু অধিক বন কৰ্মী তথা হাতী খেদাৰ উন্নত ব্যৱস্থা প্ৰদান কৰক চৰকাৰ তথা বন বিভাগে
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷