Friday, 10 November 2023

*নিৰাপদ দিপাৱলীৰ বাবে গোলাঘাট জিলা বিদ্যুৎ বিভাগৰ সজাগতা*

বিশেষ জাননী ২, গোলাঘাট 
১০/১১/২০২৩

 *নিৰাপদ দিপাৱলীৰ বাবে গোলাঘাট জিলা বিদ্যুৎ বিভাগৰ সজাগতা* 


গোলাঘাট জিলাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ( APDCL) ৰ তৰফৰ পৰা 
দিপাৱালী উদযাপন কৰোঁতে নিম্নল্লোখিত  সুৰক্ষা ব্যৱস্থা সমূহ অনুসৰণ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হল।

1) প্ৰতিটো পূজা মণ্ডপৰ বাবে আইএছআই চিহ্নিত সেৱা কেবল ব্যৱহাৰ কৰাটো বাঞ্চনীয়।

2) পূজা মণ্ডপ বা ট্ৰেন্সফৰ্মাৰৰ ওচৰত আৰু যিকোনো বৈদ্যুতিক সৰঞ্জামৰ ওচৰত কোনো আতচবাজী/ক্ৰেকাৰ জ্বলাব নালাগে ।

3) যিকোনো বিদ্যুৎ সম্পৰ্কীয় দুৰ্ঘটনাৰ বাবে অনুগ্ৰহ কৰি নিকটতম উপ বিভাগৰ  কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ  অথবা 1912-ত ফোন কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া,গোলাঘাট

NORTHEAST NEWS INDIA

*দিপাৱলী উপলক্ষ্যে আঁতচবাজী বিক্ৰীৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা*

গোলাঘাট
১০/১১/২০২৪

 *দিপাৱলী উপলক্ষ্যে আঁতচবাজী বিক্ৰীৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা* 


        গোলাঘাট জিলা প্ৰশাসনে  অহা ১১, ১২ আৰু ১৩ নৱেম্বৰ, ২০২৩ তাৰিখে আগন্তুক দিপাৱলী উৎসৱ উদযাপনৰ পৰিপ্ৰেক্ষিতত আৰু অনুমোদিত সীমাৰ ভিতৰত আঁতচবাজী/ ফটকা সুকলমে বিক্ৰী কৰিবৰ বাবে গোলাঘাট পৌৰ সভা, দেৰগাঁও পৌৰ সভা আৰু গাওঁ পঞ্চায়ত এলেকাৰ অধীনত নিম্নলিখিত স্থানসমূহত  নিম্নলিখিত চৰ্তসাপেক্ষে বিক্ৰী কৰাৰ বাবে জাননী জাৰী কৰিছে। 

চৰ্তসমূহ:
1. সুৰক্ষা সৰ্বাধিক সাৱধানতাৰে ল'ব লাগিব আৰু অনুজ্ঞাপত্ৰৰ সৈতে নিৰ্ধাৰিত চৰ্তাৱলী অনুজ্ঞাপত্ৰবহনকাৰীসকলে মানি চলিব লাগিব।

2. শ্বৰ্ট-চাৰ্কিট আদিৰ দৰে ঘটনাৰ সম্ভাৱনা প্ৰতিহত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

3. স্থানীয় জিলা কৰ্তৃপক্ষ/আৰক্ষীক ফায়াৰ ক্ৰেকাৰ আৰু ষ্টকৰ যাৱতীয় পৰিবহনৰ বিষয়ে অৱগত কৰিব লাগিব।

4.অনুজ্ঞাপত্ৰবহনকাৰীসকলে ফায়াৰ ক্ৰেকাৰ (যেনে উচ্চ শব্দুক্ত  বোমা/ৰকেট আদি) পেট্ৰ'ল পাম্পৰ ওচৰত আৰু এলপিজি চিলিণ্ডাৰৰ দোকান/স্থানৰ ওচৰত আৰু ফুটপাথ/ৰাজহুৱা সমাৱেশৰ স্থান ইত্যাদিৰ ওচৰত ৰাখিব বা বিক্ৰী কৰিব নোৱাৰিব।

5. অনুজ্ঞাপত্ৰবহনকাৰীয়ে কেৱল সৰু বা কম শব্দযুক্ত ফটকাসমূহহে বিক্ৰী কৰিব পাৰিব।

6. দণ্ডাধীশ/আৰক্ষীয়ে ফটকাসমূহ বিক্ৰী আৰু ৰখা স্থান সমূহ প্ৰয়োজন সাপেক্ষে পৰীক্ষা কৰিব।

নিম্নল্লোখিত স্থান সমূহত আঁতচবাজী/ ফটকাসমূহ বিক্ৰী কৰিব পাৰিব -

১/ পৌৰসভাৰ বজাৰ কমপ্লেক্স নং ১ এলেকা, গোলাঘাট।

২) গোলাঘাট টাউনৰ মূল পথ (ধোদৰ আলি)।

৩/ দেৰগাঁও পৌৰসভাৰ এলেকা।

৪/ সংশ্লিষ্ট গাওঁ পঞ্চায়তে  প্ৰদান কৰা NOC/Trade License অনুসৰি স্থান সমূহ। 

এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা সংলগ্ন কৰা হ’ল৷ 

- ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Thursday, 9 November 2023

বিশেষ জাননী

বিশেষ জাননী
গোলাঘাট
০৯/১১/২০২৩

আগন্তুক দিপাৱলী উপলক্ষ্যে ৰাইজৰ সুৰক্ষা, পৰিৱেশ ৰক্ষা আৰু সুকলমে  দিপাৱলী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে আকস্মিক দুয্যোৰ্গ আদিৰ পৰা পৰিত্ৰাণ পাবৰ উদেশ্যে কিছু নিৰ্দেশাৱলী জাৰি কৰিছে৷ সকলোৰে সুবিধা হোৱাকে গোলাঘাট জিলাৰ জিলা প্ৰশাসন তথা বিভাগীয় বিষয়া ইত্যাদিৰ যোগাযোগৰ সবিশেষো দিয়ৰ হৈছে৷ তলত গোলাঘাট জিলাৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীসমূহ সংলগ্ন কৰা হ’ল৷

ইয়াৰ লগতে দিপাৱলী উপলক্ষ্যে ফটকা আদি বিক্ৰীৰ বাবে গোলাঘাট পৌৰসভা, দেৰগাঁও পৌৰসভা আৰু গাঁও পঞ্চায়ত এলেকা আদিৰ অন্তৰ্গত নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি হে বিক্ৰী কৰিব পাৰিব৷ সেই সমূহো তলত দিয়া হ’ল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*দেৰগাঁও অসম সাহিত্য সভা ভৱনত সাংস্কৃতিক মহাসংগ্ৰাম উপলক্ষ্যে সভা*

গোলাঘাট
০৯/১১/২০২৩


 *দেৰগাঁও অসম সাহিত্য সভা ভৱনত সাংস্কৃতিক মহাসংগ্ৰাম উপলক্ষ্যে  সভা* 

             আজি ইংৰাজী ০৯/১১/২০২৩ তাৰিখে দিনৰ ১২ বজাত দেৰগাঁওৰ অসম সাহিত্য সভা ভৱনৰ সভাগৃহত আগন্তুক সাংস্কৃতিক মহাসংগ্ৰাম উপলক্ষ্যে এখন সভা অনুষ্ঠিত হয়৷ গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনৰ সভাপতিত্বত হোৱা সভাখনত গোলাঘাট জিলাত বিশেষকৈ দেৰগাঁও অঞ্চল আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ ভিতৰত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰপত্ৰ জমা দিয়া সম্পৰ্কত আলোচনা কৰা হয়৷ 


            গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে বক্তব্যত কয় যে ক্ৰীড়া, সাহিত্য আৰু সংস্কৃতিৰ পীঠভূমি হিচাপে জনাজাত দেৰগাঁও অঞ্চলত সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে আশানুৰূপ     প্ৰপত্ৰ জমা হোৱা নাই৷ তেখেতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে অসম সাহিত্য সভাকে ধৰি দেৰগাঁও অঞ্চলৰ সকলো গণ্যমান্য ব্যক্তি, বিভিন্ন সংস্হা আদিক সকলো ইচ্ছ্যুক প্ৰতিযোগীকে প্ৰতিযোগিতাৰ বাবে প্ৰপত্ৰ জমা দিবলৈ অনুৰোধ জনাবৰ বাবে আহ্বান জনায় ।  তেখেতে লগতে কয় যে অহা ১০ নৱেম্বৰৰ পৰা হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামৰ পঞ্চায়ত পৰ্য্যায়ৰ  প্ৰতিযোগিতাসমূহ নৱেম্বৰ মাহৰ শেষলৈকে অনুষ্ঠিত হ’ব আৰু প্ৰতিযোগিতাস্থলীসমূহতো প্ৰপত্ৰ জমা দিব পাৰিব৷ অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে ইয়াৰ লগতে উল্লেখ কৰে যে প্ৰপত্ৰসমূহ কাকডোঙা আৰু দেৰগাঁও খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ৰ লগতে দেৰগাঁও পৌৰসভা আৰু গাঁও পঞ্চায়ত সমূহৰ কাৰ্যলয়তো জমা দিব পাৰিব আৰু তাৰ বাবে ডাটা এন্ট্ৰি অ’পাৰেটৰৰ ব্যৱস্থাও কৰা হৈছে৷ 


               আজিৰ সভাত দেৰগাঁও পৌৰসভাৰ পৌৰনেত্ৰী ৰূপাঞ্জলি বৰা ফুকন , দেৰগাঁওৰ চক্ৰ বিষয়া চিৰঞ্জীৱ দাস, দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা গোলাঘাটৰ ভাৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া কৃষ্ণাৰ্পিতা বৰুৱা,  গোলাঘাট উত্তৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৌৰৱ বৰঠাকুৰ, কাকডোঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেখা দুৱৰা, বিশিষ্ট সাংস্কৃতিক সংগঠক নুৰুল চুলতান, অৱসাৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া তথা সমাজকৰ্মী অনন্ত বৰুৱা, দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, বিশিষ্ট সমাজসেৱিকা ৰূপালী বৰাকে ধৰি দেৰগাঁওৰ বিভিন্ন দল সংগঠন, সংস্থা , এন জি অ’ আদিৰ বিষয়ববীয়া- প্ৰতিনিধি, সাংস্কৃতিক কৰ্মী, সমাজ কৰ্মী আদি উপস্থিত থাকে ৷ 


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Wednesday, 8 November 2023

*গোলাঘাট জিলাত দুৰ্যোগ বিপদশংকা হ্ৰাস (DRR) ৰোডমেপ ২০৩০ ৰ ওপৰত কৰ্মশালা*

গোলাঘাট
০৮/১১/২০২৩


 *গোলাঘাট জিলাত দুৰ্যোগ বিপদশংকা হ্ৰাস (DRR) ৰোডমেপ ২০৩০ ৰ ওপৰত কৰ্মশালা* 


দুৰ্যোগ বিপদশংকা হ্ৰাস (DRR) ৰোডমেপ ২০৩০ ৰ ওপৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষ, গোলাঘাটৰ দ্বাৰা ৬ আৰু ৭ নৱেম্বৰ ২০২৩ তাৰিখে গোলাঘাট ৰঙাজানৰ চাং’চ্ গাৰ্ডেন আৰু ৰিজৰ্টত দুদিনীয়াকৈ এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালা খন উদ্ধোধন কৰে গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে৷  উক্ত কৰ্মশালাত গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জেষ্ঠ পৰামৰ্শদাতা ড° সুৰজিত বৰুৱা (SFDRR), সহাৰি ( ASDMA)ৰ প্ৰকল্প বিষয়া ড° কৃপাল মজুমদাৰ, দুৰ্যোগ ব্যৱস্থাপনাৰ গোলাঘাটৰ শাখা বিষয়া, বিভাগীয় মূৰব্বী বিষয়া, জিলা প্ৰকল্প বিষয়া, গোলাঘাট (দুৰ্যোগ ব্যৱস্থাপনা) আৰু ক্ষেত্ৰ বিষয়া (দুৰ্যোগ ব্যৱস্থাপনা) ইত্যাদি উপস্থিত থাকে। কৰ্মশালাখনিত অসম ডিআৰআৰ ৰোডমেপ ২০৩০ বাবে বিত্তীয় ব্যৱস্থাৰ মৌলিক ধাৰণাসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। গোলাঘাটত সংঘটিত পূৰ্বৰ দুৰ্যোগ আৰু বিভিন্ন বিপদাশংকা আৰু বিপদৰ ফলত হোৱা সম্ভাৱ্য ক্ষতিৰ বিষয়েও কৰ্মশালাখনত আলোচনা কৰা হয় । বিভিন্ন দুৰ্যোগ আৰু জৰুৰী কালীন পৰিস্থিতিৰ বিষয়েও কৰ্মশালাখনত বিতংভাৱে আলোচনা কৰা হয়।  কৰ্মশালাখন এএছডিএমএ বিষয়াসকলৰ সহযোগ তথা সকলো গুৰুত্বপূৰ্ণ বিভাগৰ সক্ৰিয় অংশগ্ৰহণেৰে সফলতাৰে সামৰণি পৰে।


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Wednesday, 1 November 2023

*যথেষ্ট সংখ্যাক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে গোলাঘাট জিলাত খেল মহাৰণ আৰম্ভ*

৩১/১০/২০২৩

 *যথেষ্ট সংখ্যাক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে গোলাঘাট জিলাত খেল মহাৰণ আৰম্ভ* 

            আজি সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ হয়৷ আজি জিলাখনৰ ৭১ টা গাঁও পঞ্চায়ত আৰু ৩ টা পৌৰ এলেকাৰ ভিতৰৰ খেল মহাৰণৰ বাবে প্ৰস্তুত কৰা খেলপথাৰ সমূহত খেল মহাৰণৰ কাৰ্যসূচী আৰম্ভ হয়৷ 

            এই খেল মহাৰণ কাৰ্যসূচীৰ অংশ হিচাপে বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত ভলীবল প্ৰতিযোগিতা উদ্ধোধন কৰে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনে৷ আনহাতে দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত কাবাড্ডী প্ৰতিযোগিতাখন উদ্ধোধন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে৷ দুয়ো গৰাকী বিধায়কে প্ৰতিযোগিতাত অংশলোৱা প্ৰতিযোগী সকলক উৎসাহ যুগুৱাৰ লগতে আগন্তুক দিনকেইটাত সকলো প্ৰতিযোগিতা সুকলমে হৈ যোৱাৰ বাবে শুভেচ্ছা জনায় ।  আজি গোলাঘাট জিলাৰ আঠটা উন্নয়ন খণ্ড ৰ অন্তৰ্গত গাঁও পঞ্চায়ত পৰ্য্যায়ত আৰু পৌৰসভাসমূহৰ ভিতৰত হোৱা খেল প্ৰতিযোগিতা সমূহত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগু,  গোলাঘাট জিলা প্ৰশাসনৰ বিষয় ববীয়া সকল, পৌৰসভাৰ পৌৰপতিসকল,  খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে শিক্ষাবিদ গোলাঘাটৰ অনেক গণ্য মান্য ব্যক্তি, ক্ৰীড়াবিদ আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল৷ 

           উল্লেখযোগ্য যে অহা ১৫ নৱেম্বৰলৈকে পঞ্চায়ত/পৌৰ আদি পৰ্য্যায়ৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব৷ 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Tuesday, 31 October 2023

সাংস্কৃতিক মহাসংগ্ৰামত যোগদানৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সময়সীমা ৫ নৱেম্বৰ, ২০২৩ লৈকে বৃদ্ধি

বিশেষ জাননী
৩১/১০/২০২৩

আগন্তুক সাংস্কৃতিক মহাসংগ্ৰামৰ  বাবে ইচ্ছ্যুক প্ৰতিযোগী সকলে এতিয়া এচ এম এচ ( SMS) যোগেদিও সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদান কৰিবৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ সাংস্কৃতিক মহাসংগ্ৰামৰ একক গীতৰ প্ৰতিযোগিতাত বা দলীয় নৃত্যৰ প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে +৯১- ৯২২০৫৯২২০৫ নম্বৰলৈ এচ এম এচ পঠিয়াই পঞ্জীয়ন কৰিব পাৰিব৷ তলত সবিশেষ সন্নিবিষ্ট কৰা হ’ল । 

উল্লেখযোগ্য যে সাংস্কৃতিক মহাসংগ্ৰামত যোগদানৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সময়সীমা ৫ নৱেম্বৰ, ২০২৩ লৈকে বৃদ্ধি কৰা হৈছে৷ ইচ্ছ্যুক প্ৰতিযোগীয়ে ওচৰৰ গাঁও পঞ্চায়ত কাৰ্যলয় অথবা পৌৰসভা আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত এই প্ৰপত্ৰ সমূহ জমা দিব পাৰিব৷  এতিয়া নিম্নলিখিত নিৰ্দেশনা মতে এচ এম এচ যোগেদিও যোগদানৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ইচ্ছ্যুক প্ৰতিযোগীকে সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদান কৰিবৰ বাবে পুনৰ বাৰ অনুৰোধ জনোৱা হ’ল৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...