গোলাঘাট
১০/১১/২০২৪
*দিপাৱলী উপলক্ষ্যে আঁতচবাজী বিক্ৰীৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা*
গোলাঘাট জিলা প্ৰশাসনে অহা ১১, ১২ আৰু ১৩ নৱেম্বৰ, ২০২৩ তাৰিখে আগন্তুক দিপাৱলী উৎসৱ উদযাপনৰ পৰিপ্ৰেক্ষিতত আৰু অনুমোদিত সীমাৰ ভিতৰত আঁতচবাজী/ ফটকা সুকলমে বিক্ৰী কৰিবৰ বাবে গোলাঘাট পৌৰ সভা, দেৰগাঁও পৌৰ সভা আৰু গাওঁ পঞ্চায়ত এলেকাৰ অধীনত নিম্নলিখিত স্থানসমূহত নিম্নলিখিত চৰ্তসাপেক্ষে বিক্ৰী কৰাৰ বাবে জাননী জাৰী কৰিছে।
চৰ্তসমূহ:
1. সুৰক্ষা সৰ্বাধিক সাৱধানতাৰে ল'ব লাগিব আৰু অনুজ্ঞাপত্ৰৰ সৈতে নিৰ্ধাৰিত চৰ্তাৱলী অনুজ্ঞাপত্ৰবহনকাৰীসকলে মানি চলিব লাগিব।
2. শ্বৰ্ট-চাৰ্কিট আদিৰ দৰে ঘটনাৰ সম্ভাৱনা প্ৰতিহত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
3. স্থানীয় জিলা কৰ্তৃপক্ষ/আৰক্ষীক ফায়াৰ ক্ৰেকাৰ আৰু ষ্টকৰ যাৱতীয় পৰিবহনৰ বিষয়ে অৱগত কৰিব লাগিব।
4.অনুজ্ঞাপত্ৰবহনকাৰীসকলে ফায়াৰ ক্ৰেকাৰ (যেনে উচ্চ শব্দুক্ত বোমা/ৰকেট আদি) পেট্ৰ'ল পাম্পৰ ওচৰত আৰু এলপিজি চিলিণ্ডাৰৰ দোকান/স্থানৰ ওচৰত আৰু ফুটপাথ/ৰাজহুৱা সমাৱেশৰ স্থান ইত্যাদিৰ ওচৰত ৰাখিব বা বিক্ৰী কৰিব নোৱাৰিব।
5. অনুজ্ঞাপত্ৰবহনকাৰীয়ে কেৱল সৰু বা কম শব্দযুক্ত ফটকাসমূহহে বিক্ৰী কৰিব পাৰিব।
6. দণ্ডাধীশ/আৰক্ষীয়ে ফটকাসমূহ বিক্ৰী আৰু ৰখা স্থান সমূহ প্ৰয়োজন সাপেক্ষে পৰীক্ষা কৰিব।
নিম্নল্লোখিত স্থান সমূহত আঁতচবাজী/ ফটকাসমূহ বিক্ৰী কৰিব পাৰিব -
১/ পৌৰসভাৰ বজাৰ কমপ্লেক্স নং ১ এলেকা, গোলাঘাট।
২) গোলাঘাট টাউনৰ মূল পথ (ধোদৰ আলি)।
৩/ দেৰগাঁও পৌৰসভাৰ এলেকা।
৪/ সংশ্লিষ্ট গাওঁ পঞ্চায়তে প্ৰদান কৰা NOC/Trade License অনুসৰি স্থান সমূহ।
এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা সংলগ্ন কৰা হ’ল৷
- ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA