Wednesday, 25 October 2023

*গোলাঘাট জিলাৰ পৰা অমৃত কলহ যাত্ৰাৰ দল গুৱাহাটী হৈ দিল্লীলৈ বুলি ৰাওনা*

২৫/১০/২০২৩
গোলাঘাট

 *গোলাঘাট জিলাৰ পৰা অমৃত কলহ যাত্ৰাৰ দল গুৱাহাটী হৈ দিল্লীলৈ বুলি ৰাওনা* 

“ মোৰ দেশ মোৰ মাটি” অনুষ্ঠানৰ অন্তৰ্গত আজি ২৫/১০/২০২৩ তাৰিখে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ গোলাঘাট জিলাৰ আঠোঁটা উন্নয়ন খণ্ড আৰু গোলাঘাট পৌৰসভাক প্ৰতিনিধিত্ব কৰি যুৱ প্ৰতিনিধিৰ দলটো আজি  মাটি ভৰ্তি কলহেৰে প্ৰথমে গুৱাহাটী আৰু পিছত দিল্লী যোৱা যাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয় । 

            আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই অমৃত কলহ যাত্ৰাৰ গাঁও, পঞ্চায়ত তথা উন্নয়ন খণ্ড গোটেইকিটা পৰ্য্যায়ৰ কাৰ্যসূচীৰ বিৱৰণ ডাঙি ধৰাৰ লগতে অমৃত কলহ যাত্ৰাৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অমৃত কলহ যাত্ৰাৰ মহান উদেশ্য তথা দেশৰ ৰাজধানীত নিৰ্মাণ হ’বলগীয়া অমৃত ভাটিকাৰ বিষয়ে ব্যক্ত কৰে৷ জিলা আয়ুক্ত ডা° পি উদয় প্ৰবীনে গোলাঘাট জিলাৰ আঁঠোটা উন্নয়ন খণ্ড আৰু পৌৰসভাক প্ৰতিনিধিত্ব কৰা ৯ গৰাকী যুৱ প্ৰতিনিধিক উদ্দেশ্যি ২৬ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া তথা তাৰ পিছত দিল্লীত হ’বলগীয়া  কাৰ্যসূচীৰ বিষয়ে ব্যাখা কৰে৷ ইয়াৰ পিছতে সকলো প্ৰতিনিধিক শুভেচ্ছা জনাই বিশিষ্ট অতিথি তথা জিলা আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে ১৮টা  পিতলৰ কলহ প্ৰদান কৰে৷ সকলোৰে উপস্থিতিত বিধায়ক দুগৰাকীয়ে আনুষ্ঠানিক ভাৱে গোলাঘাটৰ পৰা অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ্ কৰা হয় । 

         খণ্ড উন্নয়ন বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৌৰৱ বৰঠাকুৰে আঁত ধৰা আজিৰ অনুষ্ঠানত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমনি বৰবৰা, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগু, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত  চৈয়দ ৱাছবীৰ সুভানী, নিৰ্বাচন বিষয়া ঋষিকেশ বৰুৱা, সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, দ্বীপ্তি মনি টায়ে, খণ্ড উন্নয়ন বিষয়া নিপজ্যোতি পাটিৰি, পাৰ্থজিৎ গগৈ, ময়ুৰিমা মোহন, গীতাৰ্থ নাথ, গৌৰৱ বৰঠাকুৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল, দল সংগঠনৰ সদস্য আৰু ৰাইজ উপস্থিত আছিল৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Sunday, 22 October 2023

মহাঅষ্টমীৰ দিনা গোলাঘাটৰ জিলাৰ বিভিন্ন দূৰ্গা পূজা মণ্ডপ আৰু বিসৰ্জনস্থলী দৰ্শন জিলা আয়ুক্তৰ

২২ অক্টোবৰ, ২০২৩

 *মহাঅষ্টমীৰ দিনা গোলাঘাটৰ জিলাৰ বিভিন্ন দূৰ্গা পূজা মণ্ডপ আৰু বিসৰ্জনস্থলী দৰ্শন জিলা আয়ুক্তৰ

             শাৰদীয় দূৰ্গাপূজাৰ উছাহৰ মাজতে আজি মহাঅষ্টমীৰ দিনা গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনে সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলৰ কেইবাখনো দূৰ্গা পূজা মণ্ডপ দৰ্শন কৰি পূজা অৰ্চনা কৰে৷ জিলা আয়ুক্ত গৰাকীয়ে পূজা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে পূজা সমিতি সমূহক গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা দিয়া নিৰ্দেশাৱলী সমূহ যাতে ভালদৰে পালন কৰা হয় তাৰ বিষয়ে চকু দিবলৈ অনুৰোধ কৰে৷ পূজা মণ্ডপ সমূহৰ আশপাশ যাতে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও জিলা আয়ুক্ত গৰাকীয়ে কয়৷ 

              ইয়াৰ পিছতে জিলা আয়ুক্ত গৰাকীয়ে সৰুপথাৰ আৰু বৰপথাৰৰ প্ৰতিমা বিসৰ্জনস্থলী সমূহ পৰিদৰ্শন কৰে৷ বিজয়া দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সমূহৰ বিষয়ে জিলা আয়ুক্ত গৰাকীয়ে বিতংভাৱে প্ৰশাসনৰ বিষয়া সকলৰ সৈতে পৰ্য্যালোচনা কৰে । দৰ্শনাৰ্থীৰ সুবিধাৰ্থে সকলো সাৱধানতা যাতে প্ৰশাসন আৰু পূজা সমিতি সমূহে লয় তাৰ প্ৰতি জিলা আয়ুক্ত গৰাকীয়ে সকলোকে আহ্বান জনায় । আজিৰ পৰিদৰ্শন স্থলী সমূহত জিলা আয়ুক্ত গৰাকীৰ সৈতে ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাংমিৰ ৰংফাৰপি, সৰুপথাৰ পৌৰসভাৰ সভানেত্ৰী ঊষা ভিৰুৱাৰিয়া,  বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা, সৰুপথাৰৰ চক্ৰ বিষয়া মনোজ দলেৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া সকল উপস্থিত আছিল৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Friday, 20 October 2023

অসম শক্তি বিতৰণ কোম্পানী গোহাৰি,পূজা কমিটীসমূহলৈ।

অসম শক্তি বিতৰণ কোম্পানী গোহাৰি,পূজা কমিটীসমূহলৈ।

*শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয় সন্দৰ্ভত গুৰুত্ত্বপূৰ্ণ সভা*

২০/১০/২০২৩

 *শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয় সন্দৰ্ভত গুৰুত্ত্বপূৰ্ণ সভা* 


আজি গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ কাৰ্য্যালয় কক্ষত  বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ বিভিন্ন দিশ সমূহৰ ওপৰত এখন আলোচনা সভাত মিলিত হয়। চিকিৎসালয় খনৰ বিভিন্ন সমস্যা সমূহৰ ওপৰত মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ অজিত কুমাৰ কাকতিয়ে জিলা আয়ুক্ত গৰাকীক অৱগত কৰে। জিলা আয়ুক্ত গৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক তেওলোকৰ প্ৰয়োজনীয়তা সমূহ চলিত মাহৰ শেষ সপ্তাহৰ ভিতৰত জিলা কাৰ্য্যালয়ত জমা দিবলৈ কয়।  সভাত জিলা আয়ুক্তৰ লগত বোকাখাতৰ মহকুমাধিপতি চিমি কৰন, বোকাখাত মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ অজিত কুমাৰ কাকতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

তিনি বছৰ সম্পূৰ্ণ কৰা দূৰ্গা পূজা সমিতি সমূহক আৰ্থিক অনুদান

২০/১০/২০২৩

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে গোলাঘাট জিলাতো তিনি বছৰ সম্পূৰ্ণ কৰা দূৰ্গা পূজা সমিতি সমূহক আৰ্থিক অনুদান আগবঢ়োৱা হ’য়৷ গোলাঘাট পৌৰসভা কাৰ্যলয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে গোলাঘাটৰ প্ৰায় ৫৪ খন পূজা সমিতিৰ সভাপতি/সম্পাদকক চেক্ বিতৰন কৰে৷ আজিৰ এই চেক্ বিতৰনি সভাত গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋষিকেশ বৰুৱা, পৌৰসভাৰ বিষয়া সকলৰ লগতে পূজা সমিতি সমূহৰ সভাপতি/সম্পাদক/প্ৰতিনিধি সমূহ উপস্থিত আছিল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ২৭ অক্টোবৰলৈ বৃদ্ধি

বিশেষ জাননী 
২০/১০/২০২৩

 *সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ ২৭ অক্টোবৰ,২০২৩ লৈ বৃদ্ধি* 

    অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত চুকে কোণে লুকাই থকা প্ৰতিভাসমূহ চিনাক্ত কৰি সেই সকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ প্ৰচেষ্টাৰে অসম চৰকাৰৰ উদ্যেগত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ২৭ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে৷ 


গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ইচ্ছ্যুক প্ৰতিযোগীকে ছটা ভাগত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল । প্ৰপত্ৰ সমূহ গাঁও পঞ্চায়তৰ কাৰ্যলয়/পৌৰসভাৰ কাৰ্যলয় অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত জমা দিব পাৰিব৷ উল্লেখযোগ্য যে সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাসমূহ ৩০অক্টোবৰ, ২০২৩ ৰ পৰা আৰম্ভ হ’ব৷ 


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Thursday, 19 October 2023

দূৰ্গা পূজা উপলক্ষ্যে গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশাৱলী

১৯ অক্টোবৰ,২০২৩ , গোলাঘাটঃ

 দূৰ্গা পূজা উপলক্ষ্যে  গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশাৱলী সমূহ সকলো ৰাইজৰ বাবে জনোৱা হ’ল । 

দূৰ্গোৎসৱৰ সময়ত সকলোৰে সুবিধাৰ্থে মুকলি কৰা হ্লেপলাইন নাম্বাৰ সমূহ তলত দিয়া হ’ল৷ 

District Emergency Operation No (03774- 283282
Toll Free No - 1077
SEOC toll free no - 1079

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...