Friday, 20 October 2023
*শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয় সন্দৰ্ভত গুৰুত্ত্বপূৰ্ণ সভা*
২০/১০/২০২৩
আজি গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ কাৰ্য্যালয় কক্ষত বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ বিভিন্ন দিশ সমূহৰ ওপৰত এখন আলোচনা সভাত মিলিত হয়। চিকিৎসালয় খনৰ বিভিন্ন সমস্যা সমূহৰ ওপৰত মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ অজিত কুমাৰ কাকতিয়ে জিলা আয়ুক্ত গৰাকীক অৱগত কৰে। জিলা আয়ুক্ত গৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক তেওলোকৰ প্ৰয়োজনীয়তা সমূহ চলিত মাহৰ শেষ সপ্তাহৰ ভিতৰত জিলা কাৰ্য্যালয়ত জমা দিবলৈ কয়। সভাত জিলা আয়ুক্তৰ লগত বোকাখাতৰ মহকুমাধিপতি চিমি কৰন, বোকাখাত মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ অজিত কুমাৰ কাকতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
তিনি বছৰ সম্পূৰ্ণ কৰা দূৰ্গা পূজা সমিতি সমূহক আৰ্থিক অনুদান
২০/১০/২০২৩
আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে গোলাঘাট জিলাতো তিনি বছৰ সম্পূৰ্ণ কৰা দূৰ্গা পূজা সমিতি সমূহক আৰ্থিক অনুদান আগবঢ়োৱা হ’য়৷ গোলাঘাট পৌৰসভা কাৰ্যলয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে গোলাঘাটৰ প্ৰায় ৫৪ খন পূজা সমিতিৰ সভাপতি/সম্পাদকক চেক্ বিতৰন কৰে৷ আজিৰ এই চেক্ বিতৰনি সভাত গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋষিকেশ বৰুৱা, পৌৰসভাৰ বিষয়া সকলৰ লগতে পূজা সমিতি সমূহৰ সভাপতি/সম্পাদক/প্ৰতিনিধি সমূহ উপস্থিত আছিল৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ২৭ অক্টোবৰলৈ বৃদ্ধি
বিশেষ জাননী
২০/১০/২০২৩
*সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ ২৭ অক্টোবৰ,২০২৩ লৈ বৃদ্ধি*
অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত চুকে কোণে লুকাই থকা প্ৰতিভাসমূহ চিনাক্ত কৰি সেই সকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ প্ৰচেষ্টাৰে অসম চৰকাৰৰ উদ্যেগত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ২৭ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে৷
গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ইচ্ছ্যুক প্ৰতিযোগীকে ছটা ভাগত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল । প্ৰপত্ৰ সমূহ গাঁও পঞ্চায়তৰ কাৰ্যলয়/পৌৰসভাৰ কাৰ্যলয় অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত জমা দিব পাৰিব৷ উল্লেখযোগ্য যে সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাসমূহ ৩০অক্টোবৰ, ২০২৩ ৰ পৰা আৰম্ভ হ’ব৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Thursday, 19 October 2023
দূৰ্গা পূজা উপলক্ষ্যে গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশাৱলী
১৯ অক্টোবৰ,২০২৩ , গোলাঘাটঃ
দূৰ্গোৎসৱৰ সময়ত সকলোৰে সুবিধাৰ্থে মুকলি কৰা হ্লেপলাইন নাম্বাৰ সমূহ তলত দিয়া হ’ল৷
District Emergency Operation No (03774- 283282
Toll Free No - 1077
SEOC toll free no - 1079
NORTHEAST NEWS INDIA
One District One Product" সন্দৰ্ভত এখন সভা অনুস্থিত
১৯ অক্টোবৰ, ২০২৩: গোলাঘাট
“ *One District One Product" সম্পৰ্কে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত আলোচনা সভা৷*
আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত “One District One Product" সন্দৰ্ভত এখন সভা অনুস্থিত হয় । সমগ্ৰ অসমত উক্ত শিতানত বাচনি হোৱা গোলাঘাট জিলাৰ Orthodox Tea ক লৈ আগন্তুক দিনত কৰিবলগীয় কাৰ্য্যৱলীৰ সম্পৰ্কে সভাত বিশদ ভাবে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকী এই ক্ষেত্ৰত গোলাঘাটৰ orthodox Tea ক কেনেদৰে ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যাব পাৰি তাৰ বিষয়ে মতামত আগবঢ়ায়। সভাত গোলাঘাটৰ সদৰ মহকুমাধিপতি শ্ৰীমতী পাপৰি দাস, গোলাঘাট জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ মূখ্য পৰিচালক দেৱজিৎ ফুকন, জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ সহকাৰী পৰিচালক শ্রীমতী গাৰ্গী গোস্বামী, ভাৰতীয় চাহ নিগমৰ গোলাঘাট আঞ্চলিক শাখাৰ সহকাৰী সঞ্চালক শ্ৰী অৰূপজ্যোতি দাস আৰু অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
অনুসূচিত জাতি অধ্যুষিত অঞ্চল সমূহত সভাগৃহ নিৰ্মান সন্দৰ্ভত আলোচনা
১৯ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত মহকুমা কল্যান বিভাগৰ এখন সভা অনুস্থিত হয়। সভাত অনুসূচিত জাতি অধ্যুষিত অঞ্চল সমূহত সভাগৃহ নিৰ্মান সন্দৰ্ভত আলোচনা কৰা হয়। সভাত গোলাঘাট জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট মহকুমা কল্যান বিষয়া শ্রীমতী কৃষ্ণাৰ্পিতা বৰুৱা, বোকাখাত মহকুমা কল্যান বিষয়া শ্রীমতী ৰিচিবন্দনা গগৈ, লোকনিৰ্মান বিভাগৰ কাৰ্য্যবাহী অভিযন্তা, অনুসূচিত জাতি কল্যান সমিতিৰ মনোনীত সদস্যৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...