Thursday, 19 October 2023

One District One Product" সন্দৰ্ভত এখন সভা অনুস্থিত

১৯ অক্টোবৰ, ২০২৩: গোলাঘাট

“ *One District One Product" সম্পৰ্কে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত আলোচনা সভা৷* 

আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত “One District One Product" সন্দৰ্ভত এখন সভা অনুস্থিত হয় ।  সমগ্ৰ অসমত উক্ত শিতানত বাচনি হোৱা গোলাঘাট জিলাৰ Orthodox Tea ক লৈ আগন্তুক দিনত কৰিবলগীয় কাৰ্য্যৱলীৰ সম্পৰ্কে সভাত  বিশদ ভাবে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকী এই ক্ষেত্ৰত গোলাঘাটৰ orthodox Tea ক কেনেদৰে ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যাব পাৰি তাৰ বিষয়ে মতামত আগবঢ়ায়। সভাত গোলাঘাটৰ সদৰ মহকুমাধিপতি শ্ৰীমতী পাপৰি দাস, গোলাঘাট জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ মূখ্য পৰিচালক দেৱজিৎ ফুকন, জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ সহকাৰী পৰিচালক শ্রীমতী গাৰ্গী গোস্বামী, ভাৰতীয় চাহ নিগমৰ গোলাঘাট আঞ্চলিক শাখাৰ সহকাৰী সঞ্চালক শ্ৰী অৰূপজ্যোতি দাস আৰু অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

অনুসূচিত জাতি অধ্যুষিত অঞ্চল সমূহত সভাগৃহ নিৰ্মান সন্দৰ্ভত আলোচনা

১৯ অক্টোবৰ, ২০২৩: গোলাঘাট

আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত মহকুমা কল্যান বিভাগৰ এখন সভা অনুস্থিত হয়। সভাত অনুসূচিত জাতি অধ্যুষিত  অঞ্চল সমূহত সভাগৃহ নিৰ্মান সন্দৰ্ভত আলোচনা কৰা হয়। সভাত গোলাঘাট জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট মহকুমা কল্যান বিষয়া শ্রীমতী কৃষ্ণাৰ্পিতা বৰুৱা, বোকাখাত মহকুমা কল্যান বিষয়া শ্রীমতী ৰিচিবন্দনা গগৈ, লোকনিৰ্মান বিভাগৰ কাৰ্য্যবাহী অভিযন্তা, অনুসূচিত জাতি কল্যান সমিতিৰ মনোনীত সদস্যৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

২০২৩ বৰ্ষত দূৰ্গাপূজা উদযাপন

যোৱা ১০ অক্টোবৰ তাৰিখে গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত, ২০২৩ বৰ্ষত দূৰ্গাপূজা উদযাপন উপলক্ষ্যে হোৱা ৰাজহুৱা সভাৰ কাৰ্যবিৱৰণী   ৰাইজৰ বাবে আগবঢ়োৱা হ’ল৷

NORTHEAST NEWS INDIA

Tuesday, 17 October 2023

*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্য্যালোচনা সভা অনুষ্ঠিত*

১৭ অক্টোবৰ, ২০২৩,গোলাঘাট:   

*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত  দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্য্যালোচনা সভা  অনুষ্ঠিত*

   আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকাৰী আৰু বিভাগীয়া প্ৰতিনিধি সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত  হয়। এই সভাত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনদেৱে৷ উক্ত সভাত ২০২৩ বৰ্ষৰ  প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে বিভিন্ন বিভাগে খতিয়ান ডাঙি ধৰা হয়। এই ক্ষেত্ৰত মইনাপাৰাত হৈ থকা খহনীয়াৰ কথা বিশেষভাৱে আলোচনা কৰা হয়।

 আজিৰ এই সভাত গোলাঘাটৰ  আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাতৰ মহকুমাধিপাতি চিমি কিৰণ, জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে কৃষি , শিক্ষা, লোক নিৰ্মাণ বিভাগ, এই পি ডি চি এল,  আই চি ডি এছ , জলসম্পদ, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ বিষয়া সকল আৰু অসম গেছ কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Monday, 16 October 2023

*সামূহিক উন্নয়ন প্ৰকল্প সম্পৰ্কে কৃষি মন্ত্ৰী অতুল বৰাৰ গোলাঘাটত পৰ্য্যালোচনা সভা৷*

১৬ অক্টোবৰ, ২০২৩: গোলাঘাট

 *সামূহিক উন্নয়ন প্ৰকল্প সম্পৰ্কে কৃষি মন্ত্ৰী অতুল বৰাৰ গোলাঘাটত পৰ্য্যালোচনা সভা৷* 

আজি গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত “Community Development Programme” ( সামূহিক উন্নয়ন প্ৰকল্প)  ৰ এখন সভা অনুস্থিত হয়। সভাত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ কৃষকসকলৰ লগত উৎপাদক কোম্পানীক জড়িত কৰি বহুমুখী কৃষি প্ৰকল্পৰ ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰী গৰাকীয়ে উক্ত আঁচনিখনৰ অধীনত বোকাখাতত কাৰ্যকৰী হৈ থকা কৃষি প্ৰকল্পৰ শেহতীয়া স্থিতি সম্পৰ্কে বুজ লয়। জিলা পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণ আৰু নিৰীক্ষণ সমিতি সৈতে জড়িত কৃষি, পশুপালন আৰু পশু চিকিৎসা, মীন, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ বিষয়াৰপৰা মন্ত্ৰী গৰাকীয়ে বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

            সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি  চিমি কৰন, জিলা পশুপালন বিষয়া ড. সত্য দত্ত, মীন বিষয়া সীমান্ত কোঁৱৰ, কৃষি বিভাগৰ ৰঞ্জন বৰুৱাৰ লগতে প্ৰকল্প ৰূপায়ণ সমিতিৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*অসম মাইক্ৰোফাইনেন্স উদগনি আৰু সকাহ আঁচনি - ২০২১ ৰ অধীনত 'বকেয়া নথকাৰ প্ৰমাণপত্ৰ ' বিতৰণী অনুষ্ঠান*

১৬ অক্টোবৰ, ২০২৩: গোলাঘাট


*অসম মাইক্ৰোফাইনেন্স উদগনি আৰু সকাহ আঁচনি - ২০২১ ৰ অধীনত 'বকেয়া নথকাৰ প্ৰমাণপত্ৰ ' বিতৰণী অনুষ্ঠান*

           আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী  অতুল বৰাৰ উপস্থিতিত "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১"ৰ অধীনত বিভিন্ন সংস্থাৰ পৰা ঋণ লোৱা জিলাখনৰ ঋণী মহিলাসকলক 'বকেয়া নথকা প্ৰমাণ-পত্ৰ' প্ৰদান  আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

             অনুস্থানটোৰ মূখ্য অতিথি মাননীয় মন্ত্ৰী অতুল বৰাই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰপৰা ঋণ গ্ৰহণ কৰি অসুবিধাৰ সন্মুখীন হৈ থকা ঋণগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে ২০২১ চনত গ্ৰহন কৰা এই বৃহৎ আঁচনিখনৰ বাবেই আজি অসমৰ মহিলাসকলে মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা উদ্ধাৰ পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।  মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে মহিলা সবলীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে। চৰকাৰে গ্ৰহণ কৰা  এনে ধৰনৰ পদক্ষেপে মহিলা সকলক আৰ্থিকভাৱে যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে বুলি তেখেতে জনায়।

           উল্লেখযোগ্য যে,এই আচঁনিত ৩টা পৰ্য্যন্ত ল’ন দিয়া হৈছে আৰু ১.২৫ লাখ টকালৈকে ঋন লোৱা সকলক সামৰি লোৱা হৈছে৷ অনুস্থানটিত সৰুপথাৰ সমষ্টিৰ বিধায়ক  বিশ্বজিৎ ফুকনেও এই আচনিখনৰ সবল দিশ সমূহৰ ওপৰত বক্তব্য আগবঢায়।গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে আদৰণি ভাষনত এই আঁচনিখনৰ তৃতীয় পৰ্যায়ত গোলাঘাট জিলাৰ ১৯,৩৫২ গৰাকী মহিলা উপকৃত হ'ব বুলি জনায়।

            আজিৰ অনুষ্ঠানত সৰুপথাৰৰ  বিধায়ক  বিশ্বজিৎ ফুকন, গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত  অৰ্পা বাগলাৰী, গোলাঘাট জিলা পৰিষদৰ অধ্যক্ষা  হেলিনা দলে পেগু, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  ধীৰাজ দাস, গোলাঘাট জিলা বিজেপি আৰু অগপৰ সভাপতিদ্বয় দেৱপ্ৰদীপ বৰা আৰু ড° নৃপেন বৰুৱা, গোলঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমণি বৰবৰা, অতিৰিক্ত আয়ুক্ত  ৱাছবীৰ ছুভানী, গোলাঘাট সদৰৰ মহকুমাধিপতি পাপৰি দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল, অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিখনৰ হিতাধিকাৰীসকলৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Sunday, 15 October 2023

কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বক্ষ্ৰপূত্ৰ ভলীবল লীগৰ চতুৰ্থটো পৰ্য্যায়ৰ খেল সম্পন্ন

১৫ অক্টোবৰ, ২০২৩: গোলাঘাট

             আজি গোলাঘাট জিলাৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বক্ষ্ৰপূত্ৰ ভলীবল লীগৰ চতুৰ্থটো পৰ্য্যায়ৰ খেল সম্পন্ন হয় ।  কমাৰবন্ধা ক্ৰীড়া সংস্থাই কমাৰবন্ধা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আয়োজিত কৰা এই লীগ  উদ্ধোধন কৰে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ড° পি উদয় প্ৰৱীণ মহোদয়ে ৷ প্ৰখ্যাত ভলীবল খেলুৱৈ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন কেপ্তেইন ৱাই চুব্বা ৰাও আৰু যশস্বী সাংবাদিক মৃণাল তালুকদাৰ মুখ্য  অতিথি হিচাপে থকা আজিৰ এই উদ্ধোধনী অনুষ্ঠানত কৃতী ভলীবল খেলুৱৈক সম্বৰ্ধনা জনোৱাৰ লগতে  লীগৰ খেলৰ আৰম্ভণি তথা কেইবাটাও সাংস্কৃতিক অনুষ্ঠানো কৰা হয়৷ 

             আজিৰ এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন কেপ্তেইন শ্ৰী অভিজিত ভট্াচাৰ্য, অসম ক্ৰিকেট সংস্থাৰ  প্ৰাক্তন উপ-সভাপতি শ্ৰী পৰীক্ষিত দত্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

              আজিৰ সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনে উদ্বোধনী ভাষণত উদ্যেক্তা সকলে লোৱা এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ গাঁৱে ভূঁৱে যাতে এই লীগে প্ৰসাৰ লাভ কৰে আৰু সৰ্বভাৰতীয় পৰ্য্যায়ত জিলিকি উঠে সেয়া কামনা কৰে৷ সভাত উপস্থিত থকা বিশিষ্ট সাংবাদিক , লেখক মৃণাল তালুকদাৰে গ্ৰামাঞ্চলত এনে বিশাল আয়োজনেৰে ভলীবল লীগ অনুষ্ঠিত কৰা প্ৰয়াস দেখি অভিভূত হৈ পৰা বুলি বক্তব্য ৰাখে৷ সভাত উপস্থিত থকা প্ৰখ্যাত ভলীবল খেলুৱৈ ৱাই চুব্বা ৰাওয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলক উদগনি জনোৱাৰ লগতে আৰু আগবাঢ়ি  যোৱাৰ পৰামৰ্শ প্ৰদান কৰে৷ আজিৰ সভাত উপস্থিত থকা নুমলীগড় শোধনাগাৰৰ মুখ্য পৰিচালন সঞ্চালক ড° কাজল শইকীয়াই কমাৰবন্ধা ক্ৰীড়া সংস্থাৰ এই উদ্যেগক নুমলীগড় শোধনাগাৰ ৰ পৰা কিদৰে সহায় কৰা হৈছে আৰু আগলৈও উদগনি জনাবলৈ সাজু থকাৰ কথা তেখেতৰ ভাষণত উল্লেখ কৰে৷ 

               আজিৰ উদ্ধোধনী অনুষ্ঠানত গোলাঘাট ক্ৰীড়া সংস্থাৰ সভাপতি ডা° অজিত বৰুৱা, সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, খেলুৱৈ আৰু স্থানীয় ৰাইজ উপস্থিত আছিল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

 NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...