Tuesday, 12 September 2023

*সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন*

*সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন*

গোলাঘাট 12 চেপ্তেম্বৰ ২০২৩ঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকৰ উদ্যোগত ৰাজ্যখনৰ চৌদিশে লুকাই থকা সুপ্ত প্ৰতিভাবোৰ বিকশিত হোৱাৰ সুযোগ দিবলৈ আৰু  যুৱক-যুৱতীসকলৰ শাৰীৰিক, মানসিক বিকাশৰ বাবে অহা ১ নৱেম্বৰ ২০২৩ ৰ পৰা ১০ জানুৱাৰী ২০২৪  লৈকে সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন কৰিবলৈ লোৱা হৈছে। উক্ত খেলসমূহ পুৰুষ, মহিলা উভয় শাখাতে ১৯  বছৰৰ অনুৰ্ধ আৰু ১৯ বছৰৰ উৰ্ধৰ মাজত অনুষ্ঠিত কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত খেলসমূহ হৈছে ক্ৰমে ১০০ মি, ২০০ মি, ৪০০ মি, ৮০০ মি দৌৰ প্ৰতিযোগিতা, ফুটবল, ভলীবল, কাবাডী আৰু ১৯ বছৰৰ অনুৰ্ধৰ বাবে খো-খো প্ৰতিযোগিতা অনুষ্ঠিত  কৰা হ'ব। খেল মহাৰণৰ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে মুকলি কৰা ৱেবচাইট http://dsywassam.com/khel ত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়ন জড়িত আৰু খেল মহাৰণ সম্পকত অধিক তথ্যৰ বাবে জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
ফোন নম্বৰ
৭০০২০১১৩৯২
৭০০২৮৯৮২৪৪
৯১০১১৪৯৪৪৯

 NORTHEAST NEWS INDIA

Tuesday, 5 September 2023

ৰাজ্যপাল শ্ৰীগুলাব চান্দ কাটাৰিয়া ডাঙৰীয়া গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়) উপস্থিত

জনসংযোগ, গোলাঘাট,
গোলাঘাট, ০৫ ছেপ্টেম্বৰ ২০২৩: আজি ০৫ ছেপ্টেম্বৰত দিনৰ ১২.১৫ বজাত  অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীগুলাব চান্দ কাটাৰিয়া ডাঙৰীয়া গোলাঘাটস্থিত  বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়) উপস্থিত হয় । ইয়াৰ পিছত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰ্যবেক্ষণ কৰি মাননীয় ৰাজ্যপাল                       ডাঙৰীয়াই  বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। মাননীয় ৰাজ্যপাল মহোদয়ে বন্তি প্ৰজ্বলনৰ দ্বাৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত  
অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ,  মাননীয় কৃষি মন্ত্রী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ  মাননীয়  বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণ, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতি প্ৰসাদ শইকীয়া আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ LOGO প্ৰস্তুত কৰা দাদুল চলিহাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ এই অনুষ্ঠানত উপাচাৰ্য মহোদয়ে ৰচনা কৰা "যি কথা কবলৈ মন যায়" নামৰ পুথিখনৰ উন্মোচন কৰা হয়। ৰাজ্যপাল মহাদয়ে সতী সাধনীৰ মহান ব্যক্তিত্বকো সোঁৱৰণ কৰে আৰু উল্লেখ কৰে যে ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা হৈ ৰৱ। তেওঁ গুৰু শিষ্যৰ যি আন্তৰিক সম্পৰ্ক সেই বিষয়েও নিজৰ ব্ক্তব্য ৰাখে। চিৰ নমস্য শিক্ষা গুৰু সকলৰ বাবে কিদৰে ভাৰত বৰ্ষই উন্নতিৰ জখলাত আগবাঢ়ি চন্দ্ৰযান অভিযানৰ দৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় তাকো উল্লেখ কৰে। যুৱ প্ৰজন্মৰ প্ৰচুৰ সম্ভাবনা থকা ভাৰতৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ শিক্ষানুষ্ঠান আৰু শিক্ষকৰ  ভূমিকা  গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

ধন্যবাদ

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট।
 NORTHEAST NEWS INDIA

Friday, 1 September 2023

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন

জনসংযোগ, গোলাঘাট

গোলাঘাট, ১ ছেপ্তেম্বৰ ২০২৩:                              ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন কৰা হয়। গোলাঘাট সমন্বয় খেলপথাৰত অনুষ্ঠিত এই সভাত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকে অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ,  মাননীয় কৃষি মন্ত্রী অতুল বৰা, মাননীয়  সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ  মাননীয়  বিধায়ক বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ  মাননীয়  বিধায়ক মৃণাল শইকীয়া  আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
এই সভাত পথ সুৰক্ষাৰ লগত সংগতি ৰাখি জিলা পৰিবহন বিভাগৰ উদ্যোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।
এই অনুষ্ঠানত এখন বাল্য বিবাহ বিৰোধী পুতলা নাচ অংগনবাড়ী সহায়িকা সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।
মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে সভাত থলুৱা খাদ্যৰ গুণগত মানৰ বিষয়ে এটি চমু আভাষ প্ৰদান কৰাৰ লগতে মিলেট খেতিৰ দ্বাৰা আৰ্থিক সমৃদ্ধি বঢ়োৱা তথা খাদ্য তালিকাতো মিলেটক অন্তৰ্ভু্ক্ত কৰি এটি সু-স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে বুলি আশা প্ৰকাশ কৰে। মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে পৰিয়ালৰ মাতৃ সকলক পুষ্টিগত খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত এটি গুৰুতৰ ভূমিকা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই।    

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট।  NORTHEAST NEWS INDIA

Friday, 25 August 2023

🙏সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান🙏

🙏সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান🙏

সেই মানৱ জাতি, এই পৃথিবীলৈ আহোঁতে আমি কি লৈ আহিছিলো আৰু যোৱাৰ বেলিকা কি লৈ আমি যাম। যি পাইছো মা আৰু প্ৰকৃতি ৰ বুকুৰ পৰা পাইছো। আৰু যেতিয়া যাবগৈ লাগিব, এই মা আৰু প্ৰকৃতি এৰি, তেতিয়া ইয়াতে সকলো এৰি থৈ যাব লাগিব আমি মানৱ জাতিয়ে। সেই মানৱ জাতি আমি মিছাতে কিয় ইমান অংহকাৰ, লুভ, মোহ, কাম, ক্ৰৰ্ধ, দম্ভ, ঠগ, পতাৰনা কৰিছো। সেই মানৱ জাতি আহঁক সময় থাকোতেই আমি সকলো মানৱ জাতিয়ে সত্য পথ গ্ৰহণ কৰো। মা আৰু প্ৰকৃতি ৰ বুকুত এখন সুন্দৰ মানৱ জাতিৰ সভ্যতা গঢ় দিওঁ আহঁক। 

সেৱাৰে 
মাধৱ গগৈ
অসম।

Monday, 21 August 2023

এন আৰ এল আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট শাখা)

জনসংযোগ, গোলাঘাট
এন আৰ এল আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট শাখা) 

গোলাঘাট, ২১ আগষ্ট ২০২৩ :   গোলাঘাট জিলাৰ অন্তৰ্গত ৪৯ খন বিদ্যালয় তথা সাহায্য শিবিৰক চেনিটেৰী নেপকিন ভেণ্ডিং মেচিন আৰু নিষ্কাশন মেচিন প্ৰদানৰ বাবে আজি Conference Hall, DC office ot অনুষ্ঠিত এক সভাত CSR পদক্ষেপৰ অধীনত NRL ৰ তৰফৰ পৰা ৪৯ টা Sanitary Napkin Vending Machines আৰু 49 টা Disposal মেচিন আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে ভাৰতত নিৰ্মিত এই ভেণ্ডিং মেচিন আৰু নিষ্কাশন মেচিনৰ জীৱনকাল  প্ৰায় দুই বছৰ । জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে  এই মেচিন সমূহ পৰ্যবক্ষন কৰি ৰূপ জ্যোতি মধ্য ইংৰাজী বিদ্যালয় আৰু শাওঁতলি ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ  হাতত দুটাকৈ মেচিন অৰ্পণ কৰে। তেওঁ ইয়াৰ দ্বাৰা  ঋতুচক্ৰ  স্বচ্ছতাৰ ক্ষেএত girl students য়ে  নিৰাপদ তথা পৰিষ্কাৰ menstrual products পাবলৈ সক্ষম হৱ বুলি মত প্ৰকাশ কৰে।এই সভাত অতিৰিক্ত জিলা আয়ুক্ত ডামোদৰ বৰ্মন, নিৰ্বাচনী বিষয়া Hrishikesh Borua, এ চি ছ, ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া ভাৰ্গৱ কলিতা, এ চি এছ ,বিদ্যালয় উপ পৰিদৰ্শক ড° সমীৰণ বৰা আৰু DPM ronney rajkumar কে ধৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট) ৰ আন বিষয়া সকল উপস্থিত থাকে।


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট। NORTHEAST NEWS INDIA

Thursday, 17 August 2023

ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন

গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ এ পি ডি চি এলৰ গোলাঘাট বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই জনাইছে যে এ পি ডি চি এলৰ বাণিজ্যিক শাখাই অৱগত কৰা মতে ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে আৰু অনাগত কেইটামান দিনতো এই বিদ্যুৎ চক্ৰৰ অধীনৰ এলেকাসমূহত সঘন বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ'ব। এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি বিভাগৰ তৰফৰ পৰা ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...