*সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন*
গোলাঘাট 12 চেপ্তেম্বৰ ২০২৩ঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকৰ উদ্যোগত ৰাজ্যখনৰ চৌদিশে লুকাই থকা সুপ্ত প্ৰতিভাবোৰ বিকশিত হোৱাৰ সুযোগ দিবলৈ আৰু যুৱক-যুৱতীসকলৰ শাৰীৰিক, মানসিক বিকাশৰ বাবে অহা ১ নৱেম্বৰ ২০২৩ ৰ পৰা ১০ জানুৱাৰী ২০২৪ লৈকে সমগ্ৰ অসমতে বিভিন্ন পৰ্যায়ত 'খেল মহাৰণ' আয়োজন কৰিবলৈ লোৱা হৈছে। উক্ত খেলসমূহ পুৰুষ, মহিলা উভয় শাখাতে ১৯ বছৰৰ অনুৰ্ধ আৰু ১৯ বছৰৰ উৰ্ধৰ মাজত অনুষ্ঠিত কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত খেলসমূহ হৈছে ক্ৰমে ১০০ মি, ২০০ মি, ৪০০ মি, ৮০০ মি দৌৰ প্ৰতিযোগিতা, ফুটবল, ভলীবল, কাবাডী আৰু ১৯ বছৰৰ অনুৰ্ধৰ বাবে খো-খো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। খেল মহাৰণৰ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে মুকলি কৰা ৱেবচাইট http://dsywassam.com/khel ত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়ন জড়িত আৰু খেল মহাৰণ সম্পকত অধিক তথ্যৰ বাবে জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
ফোন নম্বৰ
৭০০২০১১৩৯২
৭০০২৮৯৮২৪৪
৯১০১১৪৯৪৪৯
NORTHEAST NEWS INDIA