Friday, 1 September 2023

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন

জনসংযোগ, গোলাঘাট

গোলাঘাট, ১ ছেপ্তেম্বৰ ২০২৩:                              ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্য্যায়ত গোলাঘাট জিলাতো পোষণ মাহৰ শুভ উদ্বোধন কৰা হয়। গোলাঘাট সমন্বয় খেলপথাৰত অনুষ্ঠিত এই সভাত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকে অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ,  মাননীয় কৃষি মন্ত্রী অতুল বৰা, মাননীয়  সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ  মাননীয়  বিধায়ক বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ  মাননীয়  বিধায়ক মৃণাল শইকীয়া  আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
এই সভাত পথ সুৰক্ষাৰ লগত সংগতি ৰাখি জিলা পৰিবহন বিভাগৰ উদ্যোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।
এই অনুষ্ঠানত এখন বাল্য বিবাহ বিৰোধী পুতলা নাচ অংগনবাড়ী সহায়িকা সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।
মাননীয় কৃষি মন্ত্ৰী গৰাকীয়ে সভাত থলুৱা খাদ্যৰ গুণগত মানৰ বিষয়ে এটি চমু আভাষ প্ৰদান কৰাৰ লগতে মিলেট খেতিৰ দ্বাৰা আৰ্থিক সমৃদ্ধি বঢ়োৱা তথা খাদ্য তালিকাতো মিলেটক অন্তৰ্ভু্ক্ত কৰি এটি সু-স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে বুলি আশা প্ৰকাশ কৰে। মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে পৰিয়ালৰ মাতৃ সকলক পুষ্টিগত খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত এটি গুৰুতৰ ভূমিকা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই।    

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট।  NORTHEAST NEWS INDIA

Friday, 25 August 2023

🙏সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান🙏

🙏সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান🙏

সেই মানৱ জাতি, এই পৃথিবীলৈ আহোঁতে আমি কি লৈ আহিছিলো আৰু যোৱাৰ বেলিকা কি লৈ আমি যাম। যি পাইছো মা আৰু প্ৰকৃতি ৰ বুকুৰ পৰা পাইছো। আৰু যেতিয়া যাবগৈ লাগিব, এই মা আৰু প্ৰকৃতি এৰি, তেতিয়া ইয়াতে সকলো এৰি থৈ যাব লাগিব আমি মানৱ জাতিয়ে। সেই মানৱ জাতি আমি মিছাতে কিয় ইমান অংহকাৰ, লুভ, মোহ, কাম, ক্ৰৰ্ধ, দম্ভ, ঠগ, পতাৰনা কৰিছো। সেই মানৱ জাতি আহঁক সময় থাকোতেই আমি সকলো মানৱ জাতিয়ে সত্য পথ গ্ৰহণ কৰো। মা আৰু প্ৰকৃতি ৰ বুকুত এখন সুন্দৰ মানৱ জাতিৰ সভ্যতা গঢ় দিওঁ আহঁক। 

সেৱাৰে 
মাধৱ গগৈ
অসম।

Monday, 21 August 2023

এন আৰ এল আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট শাখা)

জনসংযোগ, গোলাঘাট
এন আৰ এল আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট শাখা) 

গোলাঘাট, ২১ আগষ্ট ২০২৩ :   গোলাঘাট জিলাৰ অন্তৰ্গত ৪৯ খন বিদ্যালয় তথা সাহায্য শিবিৰক চেনিটেৰী নেপকিন ভেণ্ডিং মেচিন আৰু নিষ্কাশন মেচিন প্ৰদানৰ বাবে আজি Conference Hall, DC office ot অনুষ্ঠিত এক সভাত CSR পদক্ষেপৰ অধীনত NRL ৰ তৰফৰ পৰা ৪৯ টা Sanitary Napkin Vending Machines আৰু 49 টা Disposal মেচিন আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে ভাৰতত নিৰ্মিত এই ভেণ্ডিং মেচিন আৰু নিষ্কাশন মেচিনৰ জীৱনকাল  প্ৰায় দুই বছৰ । জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে  এই মেচিন সমূহ পৰ্যবক্ষন কৰি ৰূপ জ্যোতি মধ্য ইংৰাজী বিদ্যালয় আৰু শাওঁতলি ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ  হাতত দুটাকৈ মেচিন অৰ্পণ কৰে। তেওঁ ইয়াৰ দ্বাৰা  ঋতুচক্ৰ  স্বচ্ছতাৰ ক্ষেএত girl students য়ে  নিৰাপদ তথা পৰিষ্কাৰ menstrual products পাবলৈ সক্ষম হৱ বুলি মত প্ৰকাশ কৰে।এই সভাত অতিৰিক্ত জিলা আয়ুক্ত ডামোদৰ বৰ্মন, নিৰ্বাচনী বিষয়া Hrishikesh Borua, এ চি ছ, ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া ভাৰ্গৱ কলিতা, এ চি এছ ,বিদ্যালয় উপ পৰিদৰ্শক ড° সমীৰণ বৰা আৰু DPM ronney rajkumar কে ধৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট) ৰ আন বিষয়া সকল উপস্থিত থাকে।


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট। NORTHEAST NEWS INDIA

Thursday, 17 August 2023

ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন

গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ এ পি ডি চি এলৰ গোলাঘাট বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই জনাইছে যে এ পি ডি চি এলৰ বাণিজ্যিক শাখাই অৱগত কৰা মতে ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে আৰু অনাগত কেইটামান দিনতো এই বিদ্যুৎ চক্ৰৰ অধীনৰ এলেকাসমূহত সঘন বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ'ব। এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি বিভাগৰ তৰফৰ পৰা ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

NORTHEAST NEWS INDIA

*শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)*

*শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)*

গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ সমাজৰ দুৰ্বল তথা স্পৰ্শকাতৰ শিশুসকলৰ বাবে তেওঁলোকৰ চিকিৎসা, শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)। গোলাঘাট জিলাত এনে শিশু থাকিলে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়, গোলাঘাটৰ সৈতে যোগাযোগ কৰক। উপযুক্ত প্ৰক্ৰিয়াৰ মাজেৰে ১৮  বছৰ বয়সৰ তলৰ এনে শিশুক প্ৰতি মাহে ৪,০০০ টকাকৈ আগবঢ়োৱা হ'ব। 

প্ৰয়োজনীয় চৰ্তসমূহ 👇👇

✔️ পৰিয়ালৰ উপাৰ্জন বছৰি গ্ৰামাঞ্চলত ৭২,০০০ আৰু অন্য অঞ্চলত ৯৬,০০০ তকৈ অধিক হ'ব নোৱাৰিব।

আবেদনকাৰীৰ বাবে চৰ্ত 👇👇

👉 যদি শিশুটিৰ মাতৃ বিধৱা, বিবাহ বিচ্ছেদ হোৱা অথবা পৰিয়ালে এৰি দিয়া হয়।
👉 যদি শিশুটি পিতৃ-মাতৃহীন হয় আৰু যৌথ পৰিয়াল বা আত্মীয়ৰ সৈতে বাস কৰে। 
👉 যদি শিশুটিৰ পিতৃ-মাতৃ জটিল ৰোগত আক্ৰান্ত হয়।
👉 যদি আৰ্থিক আৰু শাৰীৰিক উভয় ক্ষেত্ৰত শিশুটিৰ পিতৃ-মাতৃয়ে শিশুটিৰ যতন লোৱাত অসমৰ্থ হয়। 
👉 সহায় আৰু পুনৰসংস্থাপনৰ প্ৰয়োজন হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ভুক্তভোগী, শিশু শ্ৰমিক, বাল্য বিবাহ, সৰবৰাহ, এইচ আই ভি/ এইডছত আক্ৰান্ত শাৰীৰিকভাৱে অক্ষম, নিৰুদ্দিষ্ট বা পলাতক শিশু, ভিক্ষাবৃত্তিত জড়িত, পদপথত বাস কৰা শিশু, হাৰাশাস্তিৰ সন্মুখীন হোৱা, নিৰ্যাতিত আৰু শোষণৰ বলি হোৱা শিশু আদিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।
👉 PM CARES আঁচনিৰ অন্তৰ্ভুক্ত শিশু।

বৰ্তমান এই কাৰ্যসূচীৰ বাবে গোলাঘাট জিলাত ৪২ টি শিশু বাচনি কৰা হৈছে।

আগ্ৰহী ব্যক্তি/ অনুষ্ঠান/ প্ৰতিষ্ঠান/ কোম্পানী/ বেংক/ ঔদ্যোগিক গোট/ ন্যাস আদিয়ে যদি এনে শিশুৰ বাবে সহায়ৰ হাত আগবঢ়াব খোজে তেনেহ'লে যোগাযোগ কৰিব পাৰে।

বিতং তথ্যৰ বাবে যোগাযোগৰ ঠিকনা
👇👇
জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়,
কৰ্ট ৰোড (ছানু খেৰিয়া ক্লিনিকৰ সমীপত) 
গোলাঘাট - ৭৮৫৬২১ (অসম)
ফোন : 8486885709/ 9365291226/ 8638411712

NORTHEAST NEWS INDIA

Wednesday, 16 August 2023

*ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন*

*ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন*

গোলাঘাট, ১৬ আগষ্ট, ২০২৩ঃ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ  উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...