গোলাঘাট, ১৫ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ সদৰত আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী শ্ৰীঅতুল বৰাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিয়া ৰাজ্যখনৰ আৰু গোলাঘাট জিলাৰ বীৰ শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ লগতে গোলাঘাট জিলাত বিভিন্ন বিভাগৰ যোগেদি ৰূপায়ন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে । কাৰ্যসূচীত আৰক্ষী, চি আৰ পি এফ, গৃহৰক্ষী বাহিনীৰ জোৱান, এন চি চি আৰু স্কাউট গাইডৰ কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে। আজিৰ অনুষ্ঠানৰ অংশৰূপে চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ জোৱানসকলে চকু বান্ধি অস্ত্ৰ পৰিচালনাৰ কৌশল প্ৰদৰ্শন কৰে। কাৰ্যসূচীৰ অংশৰূপে মুক্তিযুঁজাৰুৰ পৰিয়াল আৰু বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু জনসাধাৰণে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু আৰক্ষী অধীক্ষক শ্ৰীপুস্কিন জৈনৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধী, শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে মন্ত্ৰীগৰাকী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰলৈ যোৱাৰ লগতে প্ৰশাসনৰ বিষয়াসকলে গোলাঘাট নগৰৰ দুখন বৃদ্ধাশ্ৰমত ফল-মূল আদি বিতৰণ কৰে। ইয়াৰ পিছতেই মেৰী মাটি মেৰা দেশ অভিযানৰ অংশৰূপে প্ৰশাসনৰ বিষয়ববীয়াসকলে বীৰসকলৰ বন্দন অৰ্থাৎ স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদ তথা প্ৰাণহানি হোৱা আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা বাহিনী/ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আৰক্ষীৰ লোকসকলক তেওঁলোকৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। বিয়লি জিলা প্ৰশাসন আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।
NORTHEAST NEWS INDIA