Wednesday, 9 August 2023

গোলাঘাট জিলাত "মেৰি মাটি মেৰা দেশ" কাৰ্যসূচীৰ অধীনত পৌৰসভা আৰু গাঁও পঞ্চায়তসমূহত শ্বহীদৰ স্মৃতিত স্মৃতিফলক উৎসৰ্গা, গছপুলি ৰোপণ

জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত "মেৰি মাটি মেৰা দেশ" কাৰ্যসূচীৰ অধীনত পৌৰসভা আৰু গাঁও পঞ্চায়তসমূহত শ্বহীদৰ স্মৃতিত স্মৃতিফলক উৎসৰ্গা, গছপুলি ৰোপণ*

গোলাঘাট, ৯ আগষ্ট ২০২৩: ভাৰতবৰ্ষৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈয়ো কুণ্ঠাবোধ নকৰা দেশৰ শ্বহীদ বীৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা তথা তেওঁলোকক স্মৰণ কৰাৰ উদ্দেশ্যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আজি গোলাঘাট জিলাতো "মেৰি মাটি মেৰা দেশ’ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ অংশৰূপে আজি গোলাঘাট পৌৰসভাৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত থকা অমৃত সৰোবৰৰ পাৰত "শিলাফলকম" অৰ্থাৎ বীৰ শ্বহীদৰ স্মৃতিত ফলক উন্মোচন তথা উৎসৰ্গা কৰা হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰাই এই স্মৃতিফলক উন্মোচন কৰি বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰে। জিলা আয়ুক্তগৰাকীয়ে পিছত সাংবাদিকৰ আগত কয় যে এই কাৰ্যসূচী স্বাধীনতাৰ অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ ১০২ টা গাঁও পঞ্চায়ত আৰু প্ৰতিখন পৌৰসভা সামৰি ১৪ আগষ্টলৈকে পৰ্যায়ক্ৰমে স্মৃতিফলক উন্মোচন কৰা হ'ব বুলি তেওঁ কয়। অনুষ্ঠানত পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে বীৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱত এয়া হৈছে বীৰ শ্বহীদসকলৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া অন্বেষা ঠাকুৰ আৰু উপ-পৌৰপতি সীমান্ত বৰা, ৱাৰ্ড কমিছনাৰসকল আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

স্মৰ্তব্য যে গোলাঘাট জিলাৰ পৌৰসভা এলেকাসমূহৰ উপৰি পঞ্চায়ত এলেকাৰ ১৯ টা অমৃত সৰোবৰস্থলী, ৬৯টা গাঁও পঞ্চায়ত চৌহদ, এটা ব্লক চৌহদ, এখন মহাবিদ্যালয়, ৯ খন বিদ্যালয়, এটা অংগনৱাড়ী কেন্দ্ৰ আৰু দুটা ৰাজহুৱা স্থানত "শিলাফলকম" সংস্থাপন কৰা হৈছে।

পৌৰসভাসমূহৰ লগতে প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ স্মৃতিফলকৰ স্থলীতে "বসুধা বন্দন" অৰ্থাৎ ১৪ আগষ্টৰ ভিতৰত ৭৫ টিকৈ গছপুলি ৰোপণ কৰা হ'ব। এই স্থানসমূহতে কাইলৈ দাসত্বৰ মনোভাৱ পৰিহাৰ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু একতাৰ বান্ধোন সুদৃঢ় কৰাকে ধৰি "পঞ্চ সংকল্প" গ্ৰহণ কৰা হ'ব। শিলাফলকমস্থলীত ছেলফি ষ্টেণ্ডৰো ব্যৱস্থা কৰা হ'ব। বিগত বৰ্ষৰ দৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলাখনত এইবাৰো আজিৰে পৰা সৰ্বাত্মক ৰূপত "হৰ ঘৰ ত্ৰিৰংগা" অভিযান চলোৱা হৈছে। জিলা আয়ুক্তগৰাকীয়ে এই অভিযানত জিলাবাসীৰ পূৰ্ণ অংশগ্ৰহণ কামনা কৰে।

শিলাফলকমস্থলীত অহা ১৫ আগষ্টত "শ্বহীদ বীৰসকলৰ বন্দন" অৰ্থাৎ শ্বহীদৰ পৰিয়াল, মুক্তিযুঁজাৰু, কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী, সেনাবাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক তথা পৰিয়ালৰ লোকৰ উপস্থিতিত ত্ৰিৰংগ পতাকা উত্তোলন কৰি বীৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হ'ব। 

উল্লেখ্য যে,  "মেৰি মাটি মেৰা দেশ” কাৰ্যসূচীৰ অধীনত ২৩ আগষ্টত প্রতিখন গাঁৱৰ পৰা এক কলহকৈ মাটি সংগ্ৰহ কৰি শোভাযাত্ৰা উলিয়াই পঞ্চায়ত কাৰ্যালয়লৈ অনা হ'ব আৰু প্ৰতিখন পঞ্চায়তৰ মাটিখিনি ২৪ আগষ্টত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তে সংমিশ্ৰণ ঘটাই ২৫ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লৈ যোৱা হ’ব। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ এই কলহসমূহ এন.চি.চি., এন.এছ.এছ. বা বিহুৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অংশগ্ৰহণ কৰা যুৱক-যুৱতীয়ে কঢ়িয়াই লৈ যাব। প্ৰতিটো ব্লকৰ পৰা এজন যুৱক বা যুৱতী এই কলহ লৈ ২৭ আগষ্টত দিল্লীলৈ ৰাওনা হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা মাটিৰে দিল্লীৰ কৰ্তব্য পথত নিৰ্মাণ হ’বলগীয়া "অমৃত উদ্যান"ত এই মাটি ব্যৱহাৰ কৰা হ’ব।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 8 August 2023

ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি

*ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি*

 ৮ আগষ্ট ২০২৩ঃ যোৱা কেইবাদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি পাই আছে। NEEPCO কৰ্তৃপক্ষই জনোৱা মতে নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীও ক্ৰমাৎ বৃদ্ধি পাই আছে। আজি পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩১৯.২০মিটাৰ আৰু দিনৰ ১১বজাত এই পৰিমাণ আছিল ৩১৯.৭০মিটাৰ। এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰা হৈছে। NEEPCO কৰ্তৃপক্ষই জনাইছে যে জলস্তৰ এনেকৈ বৃদ্ধি পাই থাকিলে ইএল ৩২১মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ'ব। অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব। 

ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক কিছু সতৰ্ক হ'বলৈ আহ্বান জনাইছে। জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 7 August 2023

*গোলাঘাটত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ৰ শুভ উদ্বোধনী কৰে**ৰাজ্যিক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়*

*গোলাঘাটত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ৰ শুভ উদ্বোধনী কৰে*

*ৰাজ্যিক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়*

গোলাঘাট, ৭ আগষ্ট, ২০২৩ঃ আজি গোলাঘাট জিলাৰ বোকাখাট পানবাৰী অঞ্চলত নৱম ৰাষ্ট্ৰীয় হস্ততাত দিৱসৰ উদযাপন স্থলীত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ৰ ৰাজ্যিক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাননীয় স্বাস্থ্যমন্ত্ৰী উপস্থিত থাকে।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ে বৰজুৰি স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পানবাৰী অঞ্চলৰ টানিষ কৰ্মকাৰ নামৰ এটি ১৮ মহীয়া শিশুক পলিও টোপাল খুৱাই অনুষ্ঠানটোৰ আৰম্ভণি কৰে।


মিছন ইন্দ্ৰধনুষ ৫.০ অন্তৰ্গত তিনিটা পৰ্যায়ত টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হব - ৭ আগষ্টৰ পৰা ১২ আগষ্ট, ২০২৩, ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰ ২০২৩ আৰু ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰ, ২০২৩ লৈ।

প্ৰথম পৰ্যায়ত গোলাঘাট জিলাত ০-১ বছৰ বয়সৰ ৬৯১ শিশু, ১-২ বছৰ বয়সৰ ১৩০৪ শিশু, ২-৫ বছৰ বয়সৰ ৯৪০ আৰু ৬৬৫ গৰ্ভৱতী মহিলা অন্তৰ্ভুক্ত হব।

সম্পূৰ্ণ জিলাখনত মুঠ ২৬১তা টীকাকৰন চাইটৰ নক্সা তৈয়াৰ কৰা হৈছে আৰু ২৫ টা ভ্ৰাম্যমান টীকাকৰণ গোট গঠন কৰা হৈছে।

মিছন ইন্দ্ৰধনুষ ৫.০ সম্পূৰ্ণ টিকাকৰণ অভিযানৰ জৰিয়তে শিশুসকলৰ আধৰুৱা টিকাকৰণ সম্পূৰ্ণ কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৫ বছৰ বয়সপৰ্যন্ত প্ৰতিটো শিশুৰ টিকাকৰণ আৰু গৰ্ভৱতী মহিলাৰ টীকা কৰন সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০।

উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ (পৰিয়াল কল্যাণ) সঞ্চালক শ্ৰীযুত কমলজিত তালুকদাৰ, জিলা উপায়ুক্ত, ডা: পি. উদয় প্ৰৱীন, যুটীয়া স্বাস্থ্য সেৱা সাঞ্চালক (UIP) ডা: সবিতা দাস, জেষ্ঠ চিকিৎসা বিষয়া ডা: ৰফিকুল হোছেইন, অতিৰিক্ত জিলা উপযুক্ত (স্বাস্থ্য বিভাগ), চৈয়দ ৱাচবীৰ সুভানি, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, গোলাঘাট, ডা: অনুৰাধা বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসক আৰু স্বাস্থ্য বিষয়া, গোলাঘাট, ডা: জেষ্মিন বেগম, জিলা প্ৰতিষেধক বিষয়া ডা: কবিতা উজিৰ, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অজিৎ কাকতিকে আদি কৰি এনএইহ এমৰ জিলা আৰু ব্লকৰ বিষয়া - কৰ্মচাৰী, আশা কৰ্মী আদি উপস্থিত থাকে। 

NORTHEAST NEWS INDIA

Sunday, 6 August 2023

জয় মা আৰু প্ৰকৃতি

।।জয় মা আৰু প্ৰকৃতি।। 

মা আৰু প্ৰকৃতি কৈ চেষ্ট কৰ্মময় ধৰ্ম আন কোনো হব নোৱাৰে। সেই মানৱ জাতি মা আৰু প্ৰকৃতি ৰ চৰণত হৰণ লোৱা আৰু নিজকে ধন্য কৰা। মা আৰু প্ৰকৃতি য়ে সকলো মানৱ জাতিক, সকলো জীৱকোলক উদ্ধাৰ কৰিৱ পাৰিব। মা আৰু প্ৰকৃতি য়ে হৈছে পৃথিবীৰ চেষ্ট ধৰ্ম।।

জয় মা আৰু প্ৰকৃতি, জয়।। 

সেৱাৰে
মা আৰু প্ৰকৃতি। 
মাধৱ গগৈ।

Saturday, 5 August 2023

*গোলাঘাটত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ ওপৰত সংবাদমেল অনুষ্ঠিত*

*গোলাঘাটত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ ওপৰত সংবাদমেল অনুষ্ঠিত*

গোলাঘাট ০৫ আগষ্ট,২০২৩ঃ আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সৰ্বতমকক মিছন ইন্দ্ৰধনুষ ৫.০ৰ ওপৰত এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদমেলখন সম্বোধন কৰে  অতিৰিক্ত জিলা উপায়ুক্ত চৈয়দ ৱাছবিৰ সুভানিয়ে। মিছন ইন্দ্ৰধনুষ ৫.০ অন্তৰ্গত তিনিটা পৰ্যায়ত টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হব - ৭ আগষ্টৰ পৰা ১২ আগষ্ট, ২০২৩, ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰ ২০২৩ আৰু ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰ, ২০২৩ লৈ।

প্ৰথম পৰ্যায়ত গোলাঘাট জিলাত ০-১ বছৰ বয়সৰ ৬৯১ শিশু, ১-২ বছৰ বয়সৰ ১৩০৪ শিশু, ২-৫ বছৰ বয়সৰ ৯৪০ আৰু ৬৬৫ গৰ্ভৱতী মহিলা অন্তৰ্ভুক্ত হব।

সম্পূৰ্ণ জিলাখনত মুঠ ২৬১তা টীকাকৰন চাইটৰ নক্সা তৈয়াৰ কৰা হৈছে আৰু ২৫ টা ভ্ৰাম্যমান টীকাকৰণ গোট গঠন কৰা হৈছে।

মিছন ইন্দ্ৰধনুষ ৫.০ সম্পূৰ্ণ টিকাকৰণ অভিযানৰ জৰিয়তে শিশুসকলৰ আধৰুৱা টিকাকৰণ সম্পূৰ্ণ কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৫ বছৰ বয়সপৰ্যন্ত প্ৰতিটো শিশুৰ টিকাকৰণ আৰু গৰ্ভৱতী মহিলাৰ টীকা কৰন সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০।

আজিৰ সংবাদমেল খনত অতিৰিক্ত জিলা উপায়ুক্তৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড: অনুৰাধা বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসক আৰু স্বাস্থ্য বিষয়া ড: জেষ্মিন বেগমৰ উপৰি অন্য স্বাস্থ্য বিষয়া উপস্থিত থাকে।

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাৰ তিনিগৰাকী কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান*

*গোলাঘাটত লোক কল্যাণ দিৱস পালন*

*গোলাঘাট জিলাৰ তিনিগৰাকী কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান*

গোলাঘাট, ৫ আগষ্ট ২০২৩: অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক পূণ্য তিথি উপলক্ষে আজি গোলাঘাট জিলাতো গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পালন কৰা হয়। লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে। আজিৰ লোক কল্যাণ দিৱসৰ কাৰ্যসূচীতে গোলাঘাট জিলাৰ তিনিগৰাকী কৰ্মচাৰীক তেওঁলোকৰ উৎকৃষ্ট সেৱা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ বাবে অসম চৰকাৰৰ লোক সেৱা পুৰস্কাৰ আগবঢ়োৱা হয়। এই বৰ্ষত অসম চৰকাৰৰ লোক সেৱা পুৰস্কাৰ লাভ কৰা গোলাঘাট জিলাৰ কৰ্মচাৰী কেইগৰাকী হৈছে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক ত্ৰিদিপ শইকীয়া, বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাজকুমাৰ দাস আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ গ্ৰাম সেৱক প্ৰণৱ বৰুৱা। সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ তিনিওগৰাকী পুৰস্কাৰপ্ৰাপকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আন কৰ্মচাৰীসকলকো দুগুণ উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰতিগৰাকী কৰ্মচাৰী পুৰস্কৃত হ'বই লাগিব বুলি কথা নাই, কাৰণ দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱে এগৰাকী ব্যক্তিক উচ্চ আসনত অধিষ্ঠিত কৰিব পাৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো বিষয়া আৰু কৰ্মচাৰীক আয়ুক্তৰ কাৰ্যালয় অথবা যিকোনো চৰকাৰী কাৰ্যালয়লৈ অহা জনসাধাৰণক ভাল আচৰণ আৰু নম্ৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। সভাত অংশ লৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে কয় যে স্বীকৃতিয়ে মানুহক অনুপ্ৰেৰণা দিয়ে। এজন কৰ্মচাৰীক যেতিয়া সাধাৰণ মানুহে আস্থাত লৈ তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে সেয়া জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি। অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে সভাত এই পুৰস্কাৰ লাভ কৰাৰ বাবে কেনেকৈ আগবাঢ়িব লাগে এই প্ৰক্ৰিয়াটোৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে প্ৰতিটো কামৰ সৈতে লোক কল্যাণ জড়িত হৈ থাকে আৰু প্ৰতিজন কৰ্মচাৰীয়ে এই উদ্দেশ্য সাধনৰ লক্ষ্যৰে কাম কৰি যাব লাগে। সভাত তিনিওগৰাকী পুৰস্কাৰ প্ৰাপকে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। আজিৰ সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত অমৃতপ্ৰভা দাস আৰু চৈয়দ ৱাছবিৰ চুভানী, অতিৰিক্ত আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত আছিল। 

*জনসংযোগ,  গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 4 August 2023

মানুহে মানুহ জাতি হবলৈ শিকিব লাগিব।

মানুহে মানুহ জাতি হবলৈ শিকিব লাগিব। নহলে এদিন এই মা আৰু প্ৰকৃতি ৰ বুকুত মানুহ জাতি বুলি একো নাথাকিব। 

সেৱাৰে
মাধৱ গগৈ। 

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...