Tuesday, 8 August 2023

ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি

*ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি*

 ৮ আগষ্ট ২০২৩ঃ যোৱা কেইবাদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি পাই আছে। NEEPCO কৰ্তৃপক্ষই জনোৱা মতে নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীও ক্ৰমাৎ বৃদ্ধি পাই আছে। আজি পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩১৯.২০মিটাৰ আৰু দিনৰ ১১বজাত এই পৰিমাণ আছিল ৩১৯.৭০মিটাৰ। এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰা হৈছে। NEEPCO কৰ্তৃপক্ষই জনাইছে যে জলস্তৰ এনেকৈ বৃদ্ধি পাই থাকিলে ইএল ৩২১মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ'ব। অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব। 

ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক কিছু সতৰ্ক হ'বলৈ আহ্বান জনাইছে। জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...